মৰিগাঁও, ১১ জুন, ২০২৩ : এক ভয়ংকৰ ঘটনা। ড্ৰাগছৰ বাবেই প্ৰাণ গ’ল এজন যুৱকৰ (Youth killed himself for drugs)। ড্ৰাগছ খাবলৈ নাপাই আত্মহননৰ পথ বাছি ল’লে এজন যুৱকে। দীর্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি আছিল যুৱকজন। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে।চিন্তিত কৰি তুলিছে সচেতন মহলক।

এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকে। ড্ৰাগছ খাবলৈ নাপাই নিজৰ জীৱন শেষ কৰিলে এজন যুৱকে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত। জানিব পৰা মতে হাতীমূৰীয়াৰ ছাগলতলাৰ আশ্বিক ইলাহী নামৰ ড্ৰাগছ আসক্ত যুৱকজনে ড্ৰাগছ খাবলৈ অভিভাৱক পইচা বিচাৰিছিল কিন্তু অভিভাৱকে পইচা নিদিয়াত চৰম সিদ্ধান্ত ল’লে ড্ৰাগছ আসক্ত যুৱকজনে।

আশ্বিক ইলাহী নামৰ ড্ৰাগছ আসক্ত যুৱকজনে ড্ৰাগছ সেৱন কৰিৰলৈ বিচৰা পইচা নাপাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। শিক্ষক আবুল হাসিমৰ একমাত্ৰ পুত্ৰ আশ্বিক ইলাহী পৰিয়ালৰ লোকে জানিব দিয়ে যে আশ্বিক ইলাহীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল। ৩২ বছৰীয়া যুৱকজনে ড্ৰাগছৰ লগত জড়িত হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে বহু চেষ্টা কৰিছিল ভালপথলৈ ঘূৰাই আনিবলৈ। কিন্তু কোনোপধ্যেই ড্ৰাগছৰ কবলৰ পৰা যুৱকজনক উদ্ধাৰ কৰিব নোৱাৰিলে পৰিয়াল লোকে।

যুৱকজনে প্ৰায়ে ড্ৰাগছ সেৱনৰ বাবে পৰিয়ালৰ লোকক টকা বিচাৰি অত্যাচাৰ কৰিছিল। বিগত কিছুদিন ধৰি যুৱকৰজনৰ অত্যাচাৰ অধিক বৃদ্ধি পাইছিল।শনিবাৰে (১০ জুন) ড্ৰাগছৰ বাবে।যুৱকজনে পৰিয়ালৰ লোকক টকা বিচাৰিছিল কিন্ত পৰিয়ালৰ লোকে টকা নিদিয়াৰ বাবে নিশা প্ৰায় ১১:৩০ মান বজাত ড্ৰাগছ আসক্ত যুৱকজনে চিপলৈ আত্মহত্যা কৰে। যুৱকজনৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। প্ৰায়।প্ৰতিদিনে ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীয়ে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক। ইয়াৰ মাজতো কিন্তু ৰাজ্যৰ এতিয়াও ড্ৰাগছৰ বেহা চলি আছে। ড্ৰাগছৰ বাবে এজন যুৱকে নিজকে শেষ কৰি দিয়া ঘটনাই সমগ্ৰ মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সচেতন মহলক চিন্তিত কৰি তুলিছে।