আজিজ আলী

মুকালমুৱা : শনিবাৰে নিশাৰ ভাগত মুকালমুৱাত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। দুটা পৃথক পথ দুর্ঘটনাত আহত হয় ৪ জনকৈ লোক। ইয়াৰে ২ জন লোকক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নলবাৰী জিলাৰ মুকালমুৱাত শনিবাৰে নিশাৰ ভাগত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কাপলাবড়ী আৰু মুকালমুৱাত সংঘটিত হোৱা পথ দুৰ্ঘটনা দুটাত ৪ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। মুকালমুৱাত এখন তীব্ৰ বেগী বাইকে দুজন পথচাৰীক মহতিয়াই নিয়াত বাইক আৰোহীৰ সৈতে মুঠ তিনিজনকৈ লোক আহত হয়।

ইফালে কাপলাবড়ীত এখন চাৰিচকীয়া বাহনৰ খুন্দাত এজন কিশোৰ আহত হয়। দুয়োটা পথ দুৰ্ঘটনাত আহত লোক কেইজন ক্ৰমে আইনুল হক চৌধুৰী, ফুকন আলী, ছহিদুল ইছলাম আৰু খাইৰুল হ’ক। আহত আটাইকেইজনকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে আইনুল হক চৌধুৰী আৰু ছহিদুল ইছলামক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।