গুৱাহাটী : মহানগৰী গুৱাহাটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। পুনৰ মহানগৰ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। মহানগৰ আৰক্ষীৰ জালত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী। ২০ কোটি টকা মূল্যৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খুড়া আৰু ভতিজাক।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সকলে অসমৰ মাজৰে বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই গৈছে। অসমৰ মাজৰে বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাওঁতে পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে মহানগৰ আৰক্ষীৰ জালত। ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ।

এক গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গয়াৰী আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলা এক অভিযানত এখন বাহনৰ পৰা জব্দ কৰা হয় প্ৰায় ২০ কোটি টকা মূল্যৰ নিচাজাতীয় ইয়াবা টেবলেট। এমএন-০১-একে-৭২১৮ নম্বৰৰ এখন নেক্সন বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটখিনি জব্দ কৰে।

আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ টেবলেটখিনিৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম লেটমিন সিং হাউকিব আৰু থাউখুগিং হাউকিব। ড্ৰাগছ সৰবৰাহকাৰী দুয়ো খুড়া আৰু ভতিজা বুলি জানিব পৰা গৈছে। ইয়াৰে লেটমিন সিং হাউকিব মণিপুৰ আৰক্ষীৰ এজন কনিষ্টবল। বৃহৎ পৰিমাণৰ এই নিচাজাতীয় টেবলেটখিনি দুয়ো মণিপুৰৰ পৰা বেংগালুৰুলৈ সৰবৰাহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰে।