কাৰ্বি আংলং : অসম-মেঘালয় সীমান্তত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা (Boarder Firing)। গুলী চালনাৰ ঘটনাৰ নিহত হৈছে চাৰিজনকৈ লোক। নিহত সকলৰ ভিতৰত আছে এজন গৃহৰক্ষী জোৱান। আৰক্ষী আৰু বন বিভাগৰ লোকক আক্ৰমণ চলাইছিল দুৰ্বৃত্তৰ দলে।

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা গুলী চালনাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হোৱা গুলী চালনাৰ ঘটনাত অসম আৰক্ষীৰ এজন গৃহৰক্ষী জোৱানসহ মুঠ চাৰিজনকৈ লোক নিহত হৈছে। জানিব পৰা মতে খাচী দুৰ্বৃত্তৰ দল এটাই অসম আৰক্ষী আৰু বন বিভাগৰ লোকক লক্ষ্য কৰি আক্ৰমণ চলোৱাত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

চোৰাং কাঠ সৰবৰাহকাৰীৰ দল এটাৰ কাঠ ভৰ্তি বাহন এখন আৰক্ষী আৰু বন বিভাগৰ লোকে জব্দ কৰাৰ বাবে খাচী দুৰ্বৃত্তৰ দল এটাই হাতে হাতে লাঠী, জোং লৈ আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ চলায়। ফলত প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে। গুলী চালনাত তিনিজনকৈ দুৰ্বৃত্ত নিহত হয়। ইফালে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত বিদ্যাছিং লেকঠে নামৰ এজন গৃহৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান আহত হয়।

আৰক্ষী আৰু বন বিভাগৰ লোকে চোৰাং কাঠ সৰবৰাহকাৰীৰ বাহনক লক্ষ্য কৰি গুলী চালনা কৰাত বাহনখনৰ চকা ফুটি যোৱাত খাচী দুৰ্বৃত্তৰ দল এটা ওলাই আহি আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ চলায়। প্ৰায় তিনি শতাধিক লোকে আৰক্ষী আৰু বন বিভাগৰ লোকৰ চাৰিও ফালৰ পৰা ঘেৰি ধৰি আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।

বৰ্তমান অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ঘটনাক কেন্দ্ৰ কৰি যাতে পৰিস্থিতিৰ অৱনতি নঘটে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইফালে অসম পৰা মেঘালয় অভিমুখে যোৱা অসমৰ বাহন সমূহক খানাপাৰাত ৰখাই দিয়া হয়।