নলবাৰী : নলবাৰী (Nalbari) জিলাৰ চামতা কৃষিচক্ৰৰ অন্তৰ্গত বনগাঁও গাঁও পঞ্চায়ৰ শিমলিয়া গাঁৱৰ পথাৰত কম্বাইন হাৰ্ভেষ্টাৰেৰে ধান কটা পৰ্ব আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নলবাৰী জিলা কৃষি বিষয়া যোগেশ্বৰ ৰজমেধিয়ে শালিধানৰ পথাৰত নামি অত্যাধুনিক সঁজুলিবিধেৰে ধান কটাৰ শুভাৰম্ভণি কৰে।

ধান কটা পৰ্বৰ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ মনোজ কুমাৰ ভূঞা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া হবিবুল হক, মহকুমা কৃষি বিষয়া ৰমেশ শৰ্মা, মহকুমা কৃষি বিষয়া উমেশ ডেকা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ৰমেন ডেকা আৰু কৃষি সম্প্ৰাৰণ সহায়িকা উৎপলা দত্ত হালৈ উপস্থিত থাকে। উল্লেখ্য যে কৃষক কল্যাণ কো অপাৰেটিভ চ’ছাইটি লিমিটেডে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত ৯০ শতাংশ ৰাজসাহাৰ্যযুক্ত কম্বাইন হাৰ্ভেষ্টাৰখন লাভ কৰিছে।

অসম চৰকাৰৰ এই পদক্ষেপক অঞ্চলটোৰ কৃষক সকলে শলাগ লয়। ধান কটা পৰ্বৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত কৃষক সকলক উদ্দেশ্যি কৃষি বিভাগৰ বিষয়া সকলে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে বিভাগীয় আঁচনি সমূহ যেনে পি এম কিষাণ, পি এম কে এছ ৱাই, প্ৰধামন্ত্ৰীৰ ফচল বীমা যোজনা আদি আঁচনিসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

কৃষি বিষয়াজনে এই আঁচনি সমূহ যি সকলে গ্ৰহণ কৰা নাই তেওঁলোকক অতি সোনকালে আঁচনি সমূহ গ্ৰহণ কৰি অধিক লাভবান হ’বলৈ আহ্বান জনায়। উল্লেখ্য যে কিছুদিন পূৰ্বে জিলা কৃষি বিভাগে কৃষক সকলক সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছিল।