গুৱাহাটী, ১৯ মে’ : যিমানে তদন্ত আগবাঢ়িছে, সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। বিগত দুদিন ধৰি চি আই ডিয়ে ইজনৰ পিছত সিজন আৰক্ষীক জেৰা চলাই সংগ্ৰহ কৰিছে বহু তথ্য। এইবাৰ চাৰিজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে (Four Police Officer Reserve Closed)। ৰিজাৰ্ভ ক্ল’জ কৰা এই চাৰিজন আৰক্ষী বিষয়াৰ দুজন নগাঁৱৰ আৰু দুজন লখিমপুৰৰ।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা অধিক ৰহস্যৰ মাজত সোমাই পৰিছে। প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যু পথ দুর্ঘটনা হোৱা বুলি সকলোৱে মানি লৈছিল যদিও জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ মৃত্যুক সহজে মানি লোৱা নাছিল। জোনমণি ৰাভাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত কিবা এটা ৰহস্য সুমাই আছে বুলি সন্দেহ প্ৰকাশ কৰি জোনমণি ৰাভাক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল।

জোনমণি ৰাভাৰ পৰিয়ালৰ অভিযোগৰ মাজতে জোনমণি ৰাভাৰ মৃত্যুকলৈ বিস্ফোৰণ ঘটায় হাছিনা বেগম নামৰ লখিমপুৰৰ নাওবৈচাৰ মহিলাগৰাকীয়ে। জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ-জাল নোট চক্ৰ জড়িত থকা আৰু এই চক্ৰক লখিমপুৰ কেইজনমান শীৰ্ষ আৰক্ষী বিষয়াই সহযোগ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি জোনমণি ৰাভাৰ মৃত্যুক ৰহস্যৰ মাজলৈ ঠেলি দিয়ে হাছিনা বেগমে। ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ইটোৰ পিছত সিটো ঘটনা পোহৰত আহিবলৈ ধৰে।

জোনমণি ৰাভাৰ ৰহস্যময় মৃত্যুৰ আঁৰৰ ঘটনা তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰাৰ পিছতে চি আই ডিৰ দল নগাঁও আৰু লখিমপুৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চি আই ডিৰ দলে জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণ বিচাৰি সন্দেহৰ আওতালৈ অহা আৰক্ষী বিষয়া সকলো জেৰা চলাবলৈ আৰম্ভ কৰে। বিগত দুদিন লখিমপুৰ আৰু নগাঁৱত তদন্ত চলাই বহু তথ্য সংগ্ৰহ কৰিছে চি আই ডিয়ে।

চি আই ডিৰ তদন্তৰ মাজতে নগাওঁ আৰু লখিমপুৰৰ চাৰিজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। এই দুই আৰক্ষী বিষয়াৰ লগতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক।