নগাঁও : নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহকাৰী সকলে নতুন নতুন কৌশল অৱলম্বন কৰি নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা চলাই আছে।

এইবাৰ ৰে’লৰ শৌচাগাৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। এক গোপন খবৰৰ ভিত্তিতে অভিযান চলাই নগাঁও আৰু ৰহা আৰক্ষীয়ে ৰে’লৰ শৌচাগাৰৰ ভিতৰৰ পৰা জব্দ কৰে ১ কুইণ্টল ১২ কেজি গাঞ্জা। নগাঁৱৰ চাপৰমুখ জংচনত অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

সোমবাৰে পুৱতি নিশা আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। জব্দকৃত জব্দখিনিৰ মূল্য তিনি-চাৰি কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত হোজাই আৰক্ষীয়ে গাঞ্জাসহ চাৰিজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছিল।

আটকধীন গাঞ্জা সৰবৰাহকাৰী চাৰিজনক জেৰা চলাই ৰে’লখনত আৰু বহু গাঞ্জা থাকৰ খবৰ নগাঁও আৰক্ষীক দিছিল। উক্ত খবৰৰ ভিত্তিত নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই ৰে’লখনৰ শৌচাগাৰৰ ভিতৰত বক্সত লুকুৱেই ৰখা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত কাটাৰ আৰু হাতুৰীৰে বক্স ভাঙি গাঞ্জাখিনি জব্দ কৰে।

বৰ্তমান অধিক তথ্যৰ বাবে হোজাই আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী চাৰিজনক জেৰা অব্যাহত ৰাখিছে। ইফালে নগাঁও আৰক্ষীও ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। চাপৰমুখ জংচনত চলা গাঞ্জা বিৰোধী অভিযানৰ নেতৃত্বত আছিল নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা। উল্লেখ্য যে পূৰ্বেও হোজাইত ৰে’লত অভিযান চলাই আৰক্ষীয়ে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল।