গুৱাহাটী, ৯ জুন, ২০২৩ : এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ (Owner of A K Construction arrested)। দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক। এ কে কনষ্ট্ৰাকচনৰ মেনেজাৰজনকো গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ পথৰ কাষত গাঁত খান্দি চলাই আছিল নিৰ্মাণ কাৰ্য।

শুকুৰবাৰে (৯ জুন) দিশপুৰ আৰক্ষীয়ে অভিযান চলাই এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক আৰু মেনেজাৰক গ্ৰেপ্তাৰ কৰে। নাৰেংগীস্থিত এ কে কনষ্ট্ৰাকচনৰ কাৰ্যালয়ৰ পৰা দিশপুৰ আৰক্ষীয়ে স্বত্বাধিকাৰী এম ভেংকটেশ্বৰ ৰাও আৰু মেনেজাৰ বি বালাজীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে। এ কে কনষ্ট্ৰাকচনৰ নামৰ কোম্পানীটোৱে কোনো ধৰণৰ অনুমতি নোলোৱালৈ পথৰ কাষত গাঁত খান্দি নিৰ্মাণ কাৰ্য চলাই আছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে (৮ জুন) গণেশগুৰিত এক শোকাবহ পথ দুর্ঘটনাত প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত গণেশগুৰিত পথৰ কাষত থকা প্ৰকাণ্ড গাঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত এখন স্কুল বাছৰ চকাত সোমাই মৃত্যু হৈছিল প্ৰিয়া কুমাৰীৰ। এই শোকাবহ দুর্ঘটনাৰ পিছতে প্ৰত্যক্ষ দর্শীয়ে তীব্ৰ সমালোচনা কৰিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীক।

গুৱাহাটী মহানগৰীত জাইকাৰ অধীনত চলি থকা পানীৰ পাইপৰ কামৰ নামত যধে মধে পথত গাঁত খান্দি মৰণফান্দৰ সৃষ্টি কৰাকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে। প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিছত অনুসন্ধাত পোহৰলৈ আহে যে এ কে কনষ্ট্ৰাকচনৰ নামৰ কোম্পানীটোৱে পথৰ কাষত গাঁত খন্দাৰ বাবে লোক নিৰ্মাণ বিভাগ আৰু যান বাহন শাখাৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল। ইফালে কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাই সংবাদ মাধ্যমত জানিবলৈ দিয়ে যে পথৰ কাষত গাঁত খন্দাকলৈ প্ৰশাসন অধিক কঠোৰ হ’ব।

জিলা উপায়ুক্ত গৰাকীয়ে কয় যে প্ৰিয়া কুমাৰীৰ পথ দুর্ঘটনাত মৃত্যু হোৱা সন্দৰ্ভত জিলা প্ৰশাসনৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে। পথৰ গাঁত কাষত গাঁত খন্দাৰ বাবে মহানগৰীত যান বাহন চলাচল কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। বিভিন্ন নিৰ্মাণ কাৰ্য চলাই নিয়াৰ বাবে নিৰ্মাণ কাৰ্যৰ লগত জড়িত কোম্পানী আৰু ঠিকাদাৰ সকলে পথৰ কাষত গাঁত খন্দাৰ বাবে অনুমতি লয় যদিও অন্যান্য বিভাগ সমূহক অৱগত নকৰে বুলি তেওঁ প্ৰকাশ কৰে। এতিয়া প্ৰশ্ন হ’ল ইমান দিনে কিয় জিলা প্ৰশাসনে এইবোৰ বিষয়াকলৈ কঠোৰ হোৱা নাছিল ? দুর্ঘটনা সংঘটিৰ হোৱাৰ বাবেই বাট চাই থাকে নেকি জিলা প্ৰশাসন ?