গোলাঘাট, ৭ জুলাই, ২০২৩ : অশ্লীল ছবিৰ নায়িকা হ’ল গোলাঘাটৰ বোৱাৰী (Pron Actress)। কেইবাটাও অশ্লীল ছবিত অভিনয় বোৱাৰী গৰাকীৰ। ভাইৰেল হৈছে বোৱাৰী গৰাকীয়ে অভিনয় কৰা অশ্লীল ছবিৰ অশ্লীল দৃশ্য। অশ্লীল ভিডিঅ’ৰ দৃশ্য দেখি চিন্তিত গাঁৱৰ ৰাইজ। অশ্লীল ছবিৰ নায়িকা বোৱাৰী গৰাকীৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁৱৰ ৰাইজে।

কোন দিশে গতি কৰিছে সমাজ? কি হৈছে আজিৰ প্ৰজন্মৰ? সহজে ধন ঘটাৰ প্ৰৱণতাই স্খলন ঘটাইছে একাংশৰ মানসিকতাৰ। লাজ-লজ্জা ত্যাগ কৰিছে একাংশই সহজে ধন ঘটাৰ লোভ চম্ভালিব নোৱাৰি। তেনে এক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৰাজ্যত। এগৰাকী বৰুৱাৰ কাণ্ডই লাজত পেলাইছে এখন গাঁৱৰ ৰাইজক।

কিছুদিন পূৰ্বে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাটৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ কাণ্ডই। এজন ৬২ বছৰীয়া বৃদ্ধৰ লগত অশ্লীল ভিডিঅ’ বনাই পৰ্ণ ছাইটত ভিডিঅ’ আপলোড কৰিছিল যুৱতী গৰাকীয়ে। ভিডিঅ’ ভাইৰেল হোৱাত ৬২ বছৰীয়া বৃদ্ধ গৰাকীয়ে চৰম সিদ্ধান্ত লৈ নিজকে শেষ কৰি পেলাইছিল। পুনৰ অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত।

এইবাৰ স্থান গোলাঘাট। এইবাৰ ছাত্ৰী নহয়, এগৰাকী বোৱাৰীৰ অশ্লীল ভিডিঅ’ তোলপাৰ লগিছে গোলাঘাট সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী মধ্যমপুৰ সোণোৱাল গাঁৱত। পাঁচ বছৰ পূৰ্বে বোৱাৰী গৰাকী কামৰ সন্ধানত ওলাই গৈছিল। মায়া নগৰী মুম্বাইলৈ গৈ বোৱাৰী গৰাকীয়ে ভৰি দিয়ে অশ্লীল ছবি জগতত। বোৱাৰী গৰাকীয়ে কেইবাখনো অশ্লীল ছবিত অভিনয় কৰিছে। শেহতীয়াকৈ গাঁওখনৰ ৰাইজে প্ৰত্যক্ষ কৰিছে বোৱাৰী গৰাকীৰ অশ্লীল ছবিৰ দৃশ্য।

গাঁওখনৰ বোৱাৰীৰ অশ্লীল ছবিৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বোৱাৰী গৰাকীৰ অশ্লীল ভিডিঅ’ দেখাৰ পিচত গাঁওখনৰ ৰাইজ চিন্তিত হৈ পৰিছে। গাঁওখনৰ ৰাইজে গাঁওখনত বোৱাৰী গৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। অসম-নাগালেণ্ড সীমান্তৱৰ্তী ভিতৰুৱা গাঁৱৰ পৰা কামৰ সন্ধানত বুলি ওলাই যোৱা বোৱাৰী গৰাকীয়ে কাৰ চক্ৰত পৰি মায়া নগৰী মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে গাঁওবাসী ৷

গাঁওখনৰ ৰাইজে উক্ত বোৱাৰী গৰাকীৰ লগত ফোনত যোগাযোগ কৰি গাঁওখনত যাতে বোৱাৰী গৰাকীয়ে প্ৰৱেশ নকৰে এই বিষয়ে অৱগত কৰে। বোৱাৰী গৰাকীও গাঁওখনত কোনো দিনে প্ৰৱেশ নকৰে বুলি গাঁওখনৰ ৰাইজক কয়। দুষ্টচক্ৰৰ কবলত পৰি সহজ সৰল গাঁৱৰ জীয়ৰী-বোৱাৰী যাতে এনে কাণ্ডত লিপ্ত হ’ব নোৱাৰে তাৰ বাবে গাঁওখনৰ ৰাইজে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ আহ্বান জনাইছে।