নিউজ ডেস্ক : অৱশেষত টকিঅ’ অলম্পিকত সোণৰ পদক লাভ কৰিলে ভাৰতে। নীৰজ চোপ্ৰাই ভাৰতৰ হৈ টকিঅ’ অলম্পিকত সোণৰ পদক লাভ কৰিলে। জেভলিন থ্রোত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিলে। নীৰজ চোপ্ৰা অলম্পিকত সোণৰ পদক লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয় খেলুৱৈ।

শনিবাৰে টকীয়া অলিম্পিকত জেবেলিন থ্রোত ৮৭.৫৮ মিটাৰ যাঠি দলিয়াই দেশৰ বাবে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হ’ল নীৰজ চোপ্ৰা। অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী এথলীট নীৰজ চোপ্ৰা। টকিঅ’ অলিম্পিকত প্ৰথম গৰাকী ভাৰতীয় এথলীট হিচাপে সোণৰ পদক লাভ কৰি ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই।

উল্লেখ্য যে অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ হৈছে অভিনৱ বীন্দ্ৰা। ২০০৮ চনত বেইজিং অলিম্পিকত ভাৰতীয় ছুটাৰ অভিনৱ বীন্দ্ৰাই সোণৰ পদক লাভ কৰিছিল। টকিঅ’ অলিম্পিকত ভাৰতে মুঠ ৭ টাকৈ পদক লাভ কৰিছে। টকিঅ’ অলিম্পিকৰ এই প্ৰদৰ্শন অলিম্পিকত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

ইয়াৰ পূৰ্বে ভাৰতৰ খেলুৱৈ সকলে ভাৰতৰ বাবে লণ্ডন অলিম্পিকৰ পৰা ৬ টাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। টকিঅ’ অলিম্পিকত ভাৰতৰ খেলুৱৈ সকলে এটা সোণৰ, দুটা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৭ টাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে।