আজিজ আলী

মুকালমুৱা : মুকালমুৱাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শুকুৰবাৰে নিশা আৰক্ষীয়ে লোহাৰকাঠা মাদলাবড়ীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ২০০ বটল বিলাতী সুৰা।

লোহাৰকাঠা মাদলাবড়ীৰ মিলিজুলি ৰেষ্টুৰেণ্টত নলবাৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিচিত্ৰ কলিতাই চলায় অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। দীর্ঘদিন ধৰি ৰেষ্টুৰেণ্টতখনত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আছিল।

আৰক্ষীয়ে জব্দ জব্দ কৰা সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী ৰাজু আহমেদ ওৰফে মহেশক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জব্দকৃত বিলাতীসুৰাখিনি আবকাৰী বিভাগক চমজাই দিয়ে।