গুৱাহাটী, ৭ মে’ : ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে (Assam Jatiya Parishad)। পবিত্ৰ মাৰ্ঘেৰিটাৰ নিজৰ কোনো অস্তিত্ব নাই, অভিনেত্ৰী পত্নীৰ পৰিচয়ৰে মানুহে চিনি পায় পবিত্ৰ মাৰ্ঘেৰিটাক। মুখ্যমন্ত্ৰীয়ে পবিত্ৰ মাৰ্ঘেৰিটাক নিজৰ ৰাজনৈতিক উপদেষ্টা হিচাপে ৰখাতকৈ শুকুৰ আলীক ৰাখিব লাগিছিল। পবিত্ৰ মাৰ্ঘেৰিটাতকৈ ধুবুৰীৰ শুকুৰ আলী অধিক জনপ্ৰিয়, এই মন্তব্য দুলু আহমেদৰ।

২০১৬ ৰ বিধানসভা নিৰ্বাচনত হাজো সমষ্টিৰ পৰা নিৰ্বাচন খেলি পৰাজিত হোৱা অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক তীব্ৰ আক্ৰমণ চলালে। হাজোত বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই উপস্থিত হৈ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদক চিনি নাপাওঁ বুলি এক মন্তব্য কৰিছিল। পবিত্ৰ মাৰ্ঘেৰিটাৰ এই মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুলু আহমেদে।

অসম জাতীয় পৰিষদৰ নেতা দুলু আহেমদে কয় “পবিত্ৰ মাৰ্ঘেৰিটাৰ বিৰুদ্ধে মোৰ কোনো ধৰণৰ মন্তব্য দিবলৈ ইচ্ছা নাই যদিও যিহেতো তেখেতে হাজোত উপস্থিত হৈ মোৰ বিৰুদ্ধে কিবা কৈছে, মই ইয়াৰ উত্তৰ দিব লাগিব।” দুলু আহেমদে পবিত্র মাৰ্ঘেৰিটাক আক্ৰমণ চলাই কয় “যি গৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ পত্নীৰ পৰিচয়েৰে সকলোকে চিনাকি দি ফুৰে সেই গৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই মোক চিনি নোপোৱাতো একো ডাঙৰ কথা নহয়। যি গৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই পূৰ্বে মাত্ৰ ১৫০০ টকা মাননি লৈ সুৰা বিপনীৰ উদ্বোধন কাৰ্যত উপস্থিত থাকি বিভিন্ন মন্তব্য কৰি দৰ্শকক আমোদ দিয়ে, সেই গৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ হৈ অসমৰ কি উন্নতি কৰিব জানা আছা।”

দুলু আহমেদে কয় “মুখ্যমন্ত্ৰীয়ে যে এনে এগৰাকী অলাগতিয়াল ব্যক্তিক কিয় যে মুখ্যমন্ত্ৰীৰ উপদেষ্টা কৰি ৰাখিছে মই কিন্তু একো বুজি পোৱা নাই।যদি সেই পবিত্ৰ মাৰ্ঘেৰিটাৰ পদত আলীকো ৰাখিলে হয় শুকুৰ আলীয়ে অন্তত মুখ্যমন্ত্ৰীক অলপ ভাল উপদেশ দিলে হয়। কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাতকৈ ধুবুৰী শুকুৰ আলীৰ জনপ্ৰিয়তা অধিক। যি গৰাকী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাইজৰ ভোটাৰে নহয় নেতাৰ পিছে পিছে ঘূৰি ফুৰি দালালি কৰি আজমলৰ ভোটৰে সাংসদ হৈছে সেই গৰাকী নেতাই হাজোত আহি ৰাইজৰ ভোটৰ মূল্য কি বুজি নোপোৱা আৰু মোক চিনি নাপাও বুলি কোৱাটো একো ডাঙৰ কথা নহয়।

সাংবাদিক সকলক উদ্দেশ্যি দুলু আহেমদে কয় যে আপোনালোকে কোন মাৰ্ঘেৰিটাৰ কথা কৈছে,অসমত মাৰ্ঘেৰিটা বুলি কোনো জনগোষ্ঠীৰ উপাধি নাই। মাৰ্ঘেৰিটা বুলি কলে সমষ্টিহে আছে। নিজৰ উপাধি জালিয়তা কৰা ব্যক্তিৰ সাংসদ হ’লেও একো মূল্য নাই। আপোনালোকে কোন মাৰ্ঘেৰিটাৰ কথা কৈছে, যি গৰাকী মাৰ্ঘেৰিটাই আজি কেইদিন মান আগতে বুজি নোপোৱা গীত মাত লিখি ঘূৰি ফুৰিছিল। আচলতে পবিত্ৰ মাৰ্ঘেৰিটা বুলি কলে মইও চিনি নাপাম, অভিনেত্ৰী ডঃ গায়িত্ৰী মহন্তৰ স্বামী বুলি কলহে মই আৰু অসমৰ ৰাইজে চিনি পাব পবিত্ৰ মাৰ্ঘেৰিটাক। সেই কাৰণে আপোনালোকেও যদি মোক কেতিয়াবা পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা সোধে তাৰ পূৰ্বে অভিনেত্ৰী ডঃ গায়িত্ৰী মহন্তৰ স্বামী বুলি কলহে মোৰ উত্তৰ দিয়াত সুবিধা হ’ব। নহ’লে মই কিবা মাৰ্ঘেৰিটা সমষ্টিৰ বিষয়ে ক্ষুধা বুলি ভাবিম।