গুৱাহাটী : গুৱাহাটী ৰিয়েলটাৰ্ছ এছ’চিয়েশ্যনৰ পঞ্চম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। সভাপতি সঞ্জয় আগৰৱালা, সম্পাদক শচীন আগৰৱালা, উপ সভাপতি বিকাশ গোয়েংকা, কোষাধ্যক্ষ পবিত্ৰ কুমাৰ ডেকা, আহ্বায়ক গৌৰৱ আগৰৱালাই দীপ প্ৰজ্বলন কৰি সভাখন উদ্বোধন কৰে। ইয়াৰ পিছতে গণেশ বন্দনা পৰিবেশন কৰা হয়।

উপস্থিত থকা সকলো সদস্যক আদৰণি জনাই গুৱাহাটী ৰিয়েলটাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি সঞ্জয় আগৰৱালাই কয় যে ক’ৰোনা সময়ছোৱাৰ বাবে যোৱা দুবছৰ ধৰি গুৱাহাটী ৰিয়েলটাৰ্ছ এছ’চিয়েশ্যনৰ অফলাইন বৈঠক আয়োজন কৰিব পৰা নগ’ল। কিন্তু এতিয়া পৰিস্থিতি স্বাভাৱিক হৈছে। এনে অৱস্থাত গুৱাহাটী ৰিয়েলটাৰ্ছ এছ’চিয়েশ্যনক নতুন উচ্চতালৈ লৈ যাবলৈ সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।

কৰ’ণা কালত গুৱাহাটী ৰিয়েলটাৰ্ছ এছ’চিয়েশ্যনে কৰি থকা কাম-কাজৰ বিষয়ে তথ্য প্ৰদান কৰি তেওঁ সদস্য সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পিছতে সভাৰ সম্পাদক শচীন আগৰৱালাই ২০২১-২২ বৰ্ষৰ ভিতৰত সংস্থাটোৱে কৰা কাম-কাজৰ চমু তথ্য দাঙি ধৰে। একে সময়তে কোষাধ্যক্ষ পবিত্ৰ ডেকাই ২০২১-২২ বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ ৰাখিছিল, যিটো সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল।

এই সাধাৰণ সভাত জি আৰ এৰ প্ৰতিষ্ঠাপক সভাপতি মহেশ মিট্টাল, প্ৰতিষ্ঠাপক সম্পাদক সঞ্জয় আগৰৱালা, পূৰ্বে সভাপতি শৈলেশ বাহেতি, পূৰ্বে সম্পাদক বিকাশ গোয়েংকা, চি এছ আৰৰ অধ্যক্ষ গৌৰৱ আগৰৱালা, প্ৰাক্তন যুটীয়া সম্পাদক শচীন আগৰৱালা আৰু সংগঠনৰ সদস্যসকলৰ পত্নীসকলকো সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে জি আৰ এৰ সদস্য সকলেও তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়, যাতে সংগঠনটোক নতুন উচ্চতালৈ লৈ যাব পৰা যায়।

ইয়াৰ সমান্তৰালকৈ সদস্য সকলে বিষয় ববীয়াসকলক কামৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও অৱগত কৰে। সভাপতি আগৰৱালাই সকলো সদস্যকে আশ্বাস দিয়ে যে সংগঠনটোৱে সদস্য সকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব আৰু সেইবোৰ সমাধানৰ বাবে সকলো প্ৰচেষ্টা চলাব। শেষত ধন্যবাদ জ্ঞাপন উপ-সভাপতি বিকাশ গোয়েংকাই কৰে।