নিউজ ডেস্ক : পথ দুর্ঘটনাত নিহত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছ। শনিবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকী। এণ্ড্ৰিউ ছাইমণ্ডছৰ মৃত্যু শোকৰ বন্যা বৈছে সমগ্ৰ বিশ্বৰে ক্ৰিকেট জগতত। টুইটাৰযোগে কেইবাগৰকী ক্ৰিকেটাৰে শোক প্ৰকাশ কৰিলে।

ক্ৰিকেট পথাৰত নিজৰ বলিং, বেটিং আৰু ফিল্ডিংৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিৰোধী দলৰ মনোবল ভাঙি পেলোৱা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছ আৰু নাই। শনিবাৰে নিজ গৃহ চহৰ কুইন্সলেণ্ডৰ টাউনছভিলত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে অষ্ট্ৰেলিয়ান ক্ৰিকেট জগতৰ তাৰকা এণ্ড্ৰিউ ছাইমণ্ডছ। মৃত্যুৰ সময়ত এণ্ড্ৰিউ ছাইমণ্ডছৰ বয়স আছিল ৪৬ বছৰ।

শনিবাৰে নিশা প্ৰায় ১০ বজাত নিজৰ বাহনেৰে যাত্ৰা কৰি থকা সময়ত এক পথ দুর্ঘটনাত পতিত হৈ গুৰুত্বৰভাৱে আহত হয় এণ্ড্ৰিউ ছাইমণ্ডছ। আৰক্ষীয়ে এণ্ড্ৰিউ ছাইমণ্ডছক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় যদিও অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। এণ্ড্ৰিউ ছাইমণ্ডছৰ মৃত্যুৰ বাতৰিত শোকত ভাঙি পৰিছে ক্ৰিকেটাৰ গৰাকীৰ সতীৰ্থ সকল।

জেছন গিলেস্পি, আডাম গিলক্ৰিষ্টৰ লগতে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰ আৰু ভাৰতৰ ভি ভি এছ লক্ষ্মণে টুইটযোগে এণ্ড্ৰিউ ছাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে এণ্ড্ৰিউ ছাইমণ্ডছে ২৬ খন টেষ্ট আৰু ১৯৮ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচৰ লগতে কেইবাখনো টি ২০ মেচ আৰু আই পি এলত খেলিছিল। ২০০৩ আৰু ২০০৭ চনত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল এণ্ড্ৰিউ ছাইমণ্ডছ।