গুৱাহাটী, ১ নৱেম্বৰ: মহানগৰীৰ আঠগাঁৱৰ টকৌবাৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ এটা প্লাষ্টিকৰ গুডামত লগা জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ গুডামটো৷ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷ প্ৰাপ্ত তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ ঘটনাস্থলীত ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বৰ্তমান পৰ্যন্ত জুই নুমুৱাবলৈ সক্ষম হোৱা নাই৷ তদুপৰি এই বিধ্বংসী অগ্নিকাণ্ডৰ মাজতে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে৷ অগ্নিনিৰ্বাপক বাহিনীয়ে জানিবলৈ দিয়া মতে বৰ্তমান সময়ৰলৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দুজন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী আঘাতপ্ৰাপ্ত হয়৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷