ডিগবৈ, ১ নৱেম্বৰ: ডিগবৈ সমষ্টি অন্তৰ্গত হাপজান উন্নয়ণ খণ্ডৰ অধিনত টিংৰাই গাঁও পঞ্চায়তৰ মুঠ ৪০ টা  প্ৰধানমন্ত্ৰী আৱাসগৃহৰ মুকলি কৰে বিধায়ক সুৰেন ফুকনে৷ পুৱা  বৃক্ষৰূপনেৰে প্ৰথমটো গৃহৰ মুকলি কৰে বিধায়কজনে আৰু প্ৰধানমন্ত্ৰী আৱাস গৃহৰ প্ৰতিটো গৃহতে বন বিভাগৰ সহযোগত দুটিকৈ গছপুলি ৰূপন কৰে৷ টিংৰাই পঞ্চায়তৰ খোলো খেৰুৱাৰ নামৰ হিতাধিকাৰীগৰাকীৰ গৃহ প্ৰৱেশৰ জৰিয়তে আজিৰ কাৰ্যসুচী শুভাৰম্ভ হয়৷ দিনৰ ভাগত এজন হিতাধিকাৰীৰ ঘৰত এক জনসভা অনুষ্ঠিত হয়৷ সভাত তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰণ সিং, ডিব্ৰুগড় লোক সভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ত  লক্ষীনন্দন গগৈ, হাপজান খণ্ড উন্নয়ণ বিষয়া টিকেন্দ্ৰজিত মাৰাং, হাপজান আঞ্চলিক পঞ্চায়ত সভানেত্ৰীৰ উপস্থিতিত থাকে৷

সভাত উপস্থিত থাকি সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে, কংগ্ৰেছ চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰদান কৰা ইন্দিৰা গান্ধী গৃহ যোজনাৰ ঘৰতকৈ বিজেপি চৰকাৰে ৰূপায়িত কৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ সমূহ বহুগুনে উন্নত৷ কংগ্ৰেজৰ দিনত বহু হিতাধিকাৰীয়ে ঘৰ লাভ নকৰাৰ লগতে বহুতৰ ঘৰ আধৰুৱা হয় থাকে৷ প্ৰধানমন্ত্ৰী গৃহ যোজনাৰ অধীনত সকলো দৰিদ্ৰ লোকে ঘৰ লাভ কৰিব আৰু ঘৰ লাভ কৰা সকলে বিনামূলীয়া বৈদ্যুতিক সংযোগ, লেট্ৰিনকে আদি কৰি অন্যান্য সা সুবিধা লাভ কৰিব৷ ইফালে অনুষ্ঠানত ভাগ লৈ জিলা উপায়ুক্ত ঐনাম চৰন সিঙে সন্তোষ প্ৰকাশ কৰে৷ আনফালে ডিগবৈ সমষ্ঠিৰ বিধায়ক সুৰেন ফুকনে  প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ সমূহ নিৰ্মাণ কৰাত নিজে তদাৰক কৰা বুলি মন্তব্য কৰি এই ক্ষেত্ৰত দুনীতি আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে৷ এই ক্ষেত্ৰত কোনোবাই যদি দুৰ্নীতিত লিপ্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷ লগতে বিধায়কগৰাকীয়ে গৃহসমূহৰ কাম সুন্দৰভাৱে সম্পন্ন কৰাৰ বাবে খণ্ড উন্নয়ণ বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷