কলগাছিয়া, ১নৱেম্বৰ:  “ৰক্তদান জীৱনদান”- এই মহান বাণীক সাৰোগত কৰি আজি অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুৱালে আদৰ্শ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ “ৰেড ৰিবন ক্লাৱ”ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ “BLOOD BANK”ৰ সহযোগত অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক ৰক্তদান শিৱিৰ৷ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে এই শিৱিৰত৷ শিবিৰ উদ্ধোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° দিপাঞ্জলী মৰলে৷ অনুষ্ঠানত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ BLOOD BANKৰ তত্ত্বাৱধায়ক ডা° পুস্পেন্দু দাস, ৰেড ৰিবন ক্লাৱৰ তত্ত্বাধায়ক জয়ন্ত বৰা, বাবুৰাম শৰ্মা, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চহিদুল ইছলাম, অম্বিকা সৰকাৰ, দীপক দাস, জগদীশ বৰ্মণ, গংগা মণ্ডল, দিলীপ বৰুৱা আদি বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷ উল্লেখ্য, প্ৰতিবছৰে অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰক্তদানৰ দৰে কাৰ্য কৰি সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দি আহিছে৷