গুৱাহাটী, ৬ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল তিনিজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল তিনিজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১৫০০ টকালৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুজন আৰু ৩ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুজন আৰু ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুজনকৈ কৰ্মচাৰী। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মচাৰী দুজন। ১৫০০ টকা উৎকোচ লৈ থাকোতে ধৰা পৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়া দীনবন্ধু কলিতা আৰু আৰিছুদ্দিন আহমেদ। মেট্ৰিকৰ প্ৰমাণপত্ৰৰ খেলিমেলি ঠিক কৰি দিয়াৰ বিনিময়ত ২ হাজাৰ টকা দাবী কৰিছিল। অসম মাধ্যমিক শিক্ষা পৰিষদৰ পঞ্জীয়ন বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতাই পঞ্জীয়ন বিভাগৰ সহায়ক আৰিছুদ্দিন আহমেদৰ সহায়ত ১৫০০ টকা লৈ জালত পৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অসম মাধ্যমিক শিক্ষা পৰিষদৰ পঞ্জীয়ন বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু পঞ্জীয়ন বিভাগৰ সহায়ক আৰিছুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭৯/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। আনহাতে আজিৰ দিনটোত হাত দাঙি ফটো উঠা তৃতীয়জন চৰকাৰী কৰ্মচাৰী হ’ল ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাস।

৩ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাস। দুৰ্নীতি নিবাৰক শাখাই হৰি প্ৰসাদ দাসক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৮০/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে।উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।