এজাক বৰষুণতে পানীৰ তলত বুৰ যায় স্মাৰ্ট চিটী

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৪জুন : গুৱাহাটী মহানগৰীত এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানী এতিয়া আৰু নতুন কথা হৈ থকা নাই। বাৰিষাৰ দিন কেইটা অহাৰ লগে লগে নদী কাষৰীয়া ঠাইৰ মানুহ যেনেদৰে শংকিত হৈ পৰে ঠিক সেইদৰে বিৰক্তিবোধ কৰে মহানগৰবাসীয়ে। কাৰণ এটা ৰাতি কি দুই তিনি ঘণ্টাৰ ধাৰাসাৰ এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। স্কুলৰ ছাত্র-ছাত্রী, কার্যালয়ৰ পৰা চাকৰিয়াল ঘৰলৈ আহোঁতে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা অৱস্থাৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে যোৱা বছৰৰ বাৰিষাত গুৱাহাটীত কৃত্ৰিম বানপানীৰ ফলত লগতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা দুলাল মালাকাৰকে ধৰি মুঠ ৭ জন লোকৰ মৃত্যু ঘটিছিল।

মহানগৰীৰ এই কৃত্ৰিম বান ৰোধৰ বাবে মে’ মাহতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে বিভাগ সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও জিলা প্ৰশাসনৰ এই ব্যৱস্থা কিমানদূৰ আগবাঢ়িছে বা ফলপ্ৰসূ হৈছে সেইয়া সময়েহে কব । কাৰণ পূৰ্বৰ দৰে এতিয়াও একেই আছে এজাক বৰষুণতে সৃষ্টি হোৱা সাগৰ সদৃশ কৃত্ৰিম বানপানী।

Comments

comments

You may also read!

বঙাইগাঁও জিলাত আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি

বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ মে' :  বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ।জিলাখনৰ অভয়াপুৰীৰ

Read More...

চৰাইদেউৰ এগৰাকী যুৱতীৰ কৰুণ কাহিনী

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৯ মে' : আৰ্থিক অনাতনৰ বাবে অসহায় হৈ পৰিছে এগৰাকী যুৱতী। আৰ্থিক ভাৱে

Read More...

লক ডাউনৰ মাজতে মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে' : লক ডাউনৰ মাজতে মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। যদু দাসে জালুকবাৰীৰ পৰা চলিছে

Read More...

Mobile Sliding Menu