গুৱাহাটী : নিৰ্বাচন আয়োগে ঘোষণা কৰিলে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন। এক সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন। অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ভোটগণনা হ’ব ২১ এপ্ৰিলত।

বুধবাৰে নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে। আনহাতে ২১ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত কৰা হ’ব।

২১ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৩০ মাৰ্চ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ এপ্ৰিল।

উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ই ভি এম যোগে হ’ব। ইয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। ৬০ টা ৱাৰ্ডৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডত বাবে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ গৰাকী ভোটাৰে ভোটদান কৰিব। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মুঠ ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। ক’ভিড নীতি নিৰ্দেশনা মানি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।