হাজো, ৭ মেঃ কামৰূপৰ হাজো উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকা তথ্য পোহৰলৈ অহাৰ পিছতো দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তদন্তৰ নামত একাংশ বিষয়াই লুন্ঠন ৰাজ চলোৱাৰো অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ দিনত ৰূপায়ন কৰা ইন্দিৰা গান্ধী পকী পথ আঁচনিখন এক প্ৰকাৰৰ প্ৰহণত পৰিণত হোৱাত স্থানীয় লোকৰ মাজত ক্ষোভৰ উদগিৰণ হৈছে৷ প্ৰায় এক বছৰৰ পূৰ্বে ২নং হাজো গাঁও পঞ্চায়তৰ অধীনস্থ সাতদলাৰ প্ৰায় ৭৫ লাখ টকাৰ ব্যয় সাপেক্ষে এক কিলোমিটাৰ পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল হাজোৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী প্ৰণীতা মালাকাৰে৷ মালাকাৰে কংগ্ৰেছ দলৰ পৰা হাজোৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হৈছিল৷ তেওঁ মাটি সম্পূৰ্ণ কৰাৰ কাম জৱকাৰ্ডৰ দ্বাৰা কৰিছিল যদিও চতুৰতাৰে জৱকাৰ্ডৰ শ্ৰমিকৰ অজ্ঞাতে পুঁজিৰ সিংহভাগ আত্মসাৎ কৰে৷ হাজোৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ইউচুফৰ ৰহমান, কনিষ্ঠ অভিযন্তা মনমোহন দাসৰ লগত প্ৰায় ১২ লাখ টকাৰ বৃহৎ পুঁজি ব্যাপক কেলেংকাৰী সংঘটিত কৰে৷ তদুপৰি কনিষ্ঠ অভিযন্তা মনমোহন দাস আৰু জে আৰ এছ ফহিজুৰ ৰহমানে ভূৱা একাউন্টৰ জৰিয়তে ইয়াৰ সামগ্ৰী সমূহ ক্ৰয় কৰাৰো অভিযোগ উত্থাপন হৈছে৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দৰথি চুচিয়াঙে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পথটোৰ চৰজমিন তদন্তৰ কাৰণে আহি পথ নিৰ্মাণৰ কোনো অগ্ৰগতি তথা নিৰ্মাণৰ কোনো ধৰণৰ আহিলা দেখা নোপোৱা সত্বেও নিৰৱ ভূমিকা গ্ৰহণ কৰাত স্হানীয় লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷ তেওঁলোকে অতিৰিক্ত উপায়ুক্তগৰকীয়ে ইমানবোৰ প্ৰমাণ থকাৰ পিছতো নিৰৱতা অৱলম্বন কৰাত হাজোৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উন্নয়ন খণ্ডৰ খণ্ড বিষয়াৰে গোপন বুজাবুজি হোৱাৰ সন্দেহ ব্যক্ত কৰিছে৷ ইয়াৰ পূৰ্বেও হাজোৰ বাঙালমাৰা গাঁও পঞ্চায়তত সংঘটিত হোৱা ব্যাপক কেলেংকাৰীত তদন্তকাৰী বিষয়া তথা গামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালকে দুৰ্নীতিৰ সকলো তথ্য পোৱাৰ পিছতো বৃহৎ পুঁজিৰ লেনদেনেৰে সমগ্ৰ ঘটনাক গাপ দি ৰাখে৷ এনে পৰিস্থিতিত হাজোৰ স্হানীয় লোকে তদন্তকাৰী বিষয়াৰ ভূমিকা তথা নিৰপেক্ষতাৰ ওপৰত আস্হা হেৰুৱাই পেলাইছে৷ স্হানীয় লোকে এই সমগ্ৰ দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে৷