নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ অক্টোবৰ :ভাৰতৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি ষষ্ঠবাৰলৈ ভাৰতৰ সবাতোকৈ মূল্যবান ব্ৰেণ্ড হিচাপে মূল্যাংকিত হৈছে । বিশ্ব যোগাযোগ সেৱা উদ্যোগ ডব্লিউ পিপিৰ অধীনত কান্টাৰ মিলৱাৰ্ড ব্ৰাওনে অনুষ্ঠিত কৰা এক সৰ্বেক্ষণৰ এই ফলাফল প্ৰকাশ পায়।

২০১৯ ব্ৰেণ্ডছ টি এম টপ ৭৫ মষ্ট ভেলুৱেবুল ইণ্ডিয়ান ব্ৰেণ্ডছ শীৰ্ষক সৰ্বেক্ষণটোত এইচ ডি এফ চি বেংকক পূৰ্বৰ বৰ্ষৰ তুলনাত ৫% বৃদ্ধিৰে ২২.৭ বিলিয়ন ডলাৰৰ ব্ৰেণ্ড হিচাপে আখ্যা দিয়া হৈছে।

এইচ ডি এফ চি বেংকৰ সন্দৰ্ভত ব্ৰেণ্ডজে তেওঁলোকৰ প্ৰতিবেদনত লিখিছে “এইচ ডি এফ চি বেংকে অগ্ৰগামী তথা উদ্ভাৱনী চিন্তাৰ সৈতে গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসৰি নিৰৱচ্ছিন্ন পৰিবৰ্তনৰ পথ প্ৰদৰ্শিত কৰিছে। “