গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ’ল “গেট হস্পিতাল জনকল্যান সমিতি”। বিনামূলীয়া এম্বুলেন্স সেৱা আৰু বিনামূলীয়া অ’ পি ডি সেৱা প্ৰদানৰ ঘোষণা।

অসমৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গুৱাহাটীৰ গেট হস্পিতালত অনুষ্ঠিত হোৱা বিশেষ সভাত ঘোষণা গঠন কৰা হ’ল “গেট হস্পিতাল জনকল্যান সমিতি”। গীতনাগৰ মঠঘৰীয়া অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত গেট হস্পিতালৰ জৰিয়তে উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ লগতে উন্নয়ন মূলক কাম কৰাটো হ’ব এই সমিতিৰ মূল লক্ষ্য।

গেট হস্পিতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকৰ প্ৰচেষ্টাত এই সমিতি গঠন কৰা হৈছে। গেট হস্পিতালৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকক বিনামূলীয়া এম্বুলেন্স সেৱা, বিনামূলীয়া অ’ পি ডি সেৱা প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত অসমৰ সাংবাদিকক বিশেষ সাংবাদিক হেলঠ কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।

পৰ্যায় ক্ৰমে সমগ্ৰ অসমৰ সাংবাদিকক গেট হস্পিতালৰ ফালৰ পৰা হেলথ কাৰ্ড প্ৰদান কৰা হ’ব। অনুষ্ঠানত গীতে মাতে জীপাল হৈ পৰে গেট হস্পিতালৰ পদূলি। কবিতা, গীত, নাটক আৰু মুকাভিনয়ৰে জীপাল হৈ উঠে অনুষ্ঠানটো। এই সভাত উপস্থিত থাকে গেট হস্পিতালৰ মূখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠক, হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত, গেট হস্পিতালৰ সঞ্চালিকা ডাঃ বনানী চৌধুৰী, সঞ্চালক ডাঃ উত্তম চৌধুৰী, অধীক্ষক ডাঃ ৰঞ্জন দাস, জনকল্যান সমিতিৰ সভাপতি প্ৰফুল্ল ৰয় প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।