Jatin Nath

ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)। লোক দুজনৰ কবলৰ পৰা ৩ লাখ ৩০ হাজাৰ নগদ ধন আৰু ৪ লাখ টকাৰ ভাৰতীয় ষ্টেট বেংকৰ চেকৰ জব্দ।

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। ওৰাং আৰক্ষীয়ে অবৈধ নগদ ধন আৰু চেকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনত তালাচী চলাই ওৰাং আৰক্ষীয়ে ৩ লাখ ৩০ হাজাৰ টকা আৰু ৪ লাখ টকাৰ ভাৰতীয় ষ্টেট বেংকৰ চেকৰ জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে এক গোপন খবৰৰ ভিত্তিত ১৫‌ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে। এএছ-১৩-এন-২৫৫১ নম্বৰৰ এখন বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে অবৈধ ৩ লাখ ৩০ হাজাৰ টকা। অবৈধ নগদ ধনৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে। অবৈধ টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ হৈছে ক্ৰমে চাইদুল ইছলাম আৰু অচৰ আলী।

লোক দুয়োজনৰ ঘৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাচঁনৈ ননকে গাঁও বুলি জানিব পৰা গৈছে। অবৈধ নগদ ধনসহ গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ পৰা আৰক্ষীয়ে এখন ৪ লাখ টকাৰ ভাৰতীয় ষ্টেট বেংকৰ চেক, দুটা মোবাইল ফোন আৰু সন্দেহযুক্ত ১০০ গ্ৰাম ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰে। লোক দুজনৰ বিৰুদ্ধে ওৰাং আৰক্ষীয়ে ৯১/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইন ১২০বি/৪২০/৪০৬/৩৪ আধাৰত দুয়োকে ওদালগুৰি জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ওৰাং আৰক্ষীৰ জালত পৰা লোক দুজনৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ বহু গোচৰ ৰুজু হৈ আছে। প্ৰবঞ্চনাৰে লোক দুজনৰ লগতে এচাম অসাধু চক্ৰই নানা লোকৰ টকা দুগুণ কৰাৰ নামত লুটি আহিছিল লাখ লাখ টকা।ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে ৰাজ্যৰ কেবাখনো জিলাৰ আৰক্ষী থানাত প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।