গুৱাহাটী, ১০ মে’ : এই মাতৃ দিৱসত ৰেডিচন ব্লু (Mother’s Day in Hotel Radisson Blu) গুৱাহাটীত আপোনাৰ ছুপাৰ মাতৃক শুভেচ্ছা জনাওক স্মৰণীয় খাদ্যৰ অভিজ্ঞতাৰে সৈতে। মাতৃ দিৱস উত্তমভাৱে উদযাপন কৰাৰ এক অন্যতম উপায় হৈছে উত্তৰ-পূবৰ আটাইতকৈ বিলাসী খাদ্যস্থলীত এক সুন্দৰ ব্ৰাঞ্চ বা ৰাতিৰ আহাৰ গ্ৰহণৰ অভিজ্ঞতা আহৰণ কৰা।

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউ আৰু দ্য গ্ৰেট কাবাব ফেক্টৰী এক বিশেষ ব্ৰাঞ্চ আৰু ডিনাৰ মেনুৰ সৈতে মাতৃ দিৱস উদযাপন কৰিবলৈ সাজু হৈ উঠিছে। সমূহ ছুপাৰ মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে ১৪ মে’ তাৰিখে পৰিকল্পিত এই বিশেষ অনুষ্ঠানটো উদযাপনৰ বাবে বিশেষভাৱে তৈয়াৰী বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য ৰেষ্টুৰেণ্টসমূহত পৰিবেশন কৰা হ’ব।

কেফে বি-ইউত মাতৃ দিৱসৰ ব্ৰাঞ্চ মেনুত প্ৰিয় ব্ৰেকফাষ্ট আৰু বিশেষ ব্ৰাঞ্চৰ এক শ্ৰেণী উপস্থাপন কৰা য’ত আচাৰি চানে পুলাও, মলাই কোফতা, মলাই ব্ৰকলি, ধুৱাদাৰ চিকেন টিক্কা, চিকেন প্ৰভিন্সিয়েল পাই, কেপোনাট্টা-চিচিলিয়ান এগপ্লাণ্ট ৰেলিশ্ব্‌ আৰু বহুতো লোভনীয় ব্যঞ্জন অন্তৰ্ভুক্ত হৈ থাকিব। কেফে বি-ইউত আবেলি ১২.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ ব্ৰাঞ্চ পৰিৱেশন কৰা হ’ব আৰু সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ দ্য গ্ৰেট কাবাব ফেক্টৰীত ৰাতিৰ আহাৰ পৰিৱেশন কৰা হ’ব।

দ্য গ্ৰেট কাবাব ফেক্টৰীৰ ডিনাৰ মেনুত আচাৰি পনীৰ টিক্কা, কমল কাক্‌ড়ি কি শ্বীখ, ভৰৱান কেপচিকাম, দহি খাজুৰী কি টিক্কি, গালৌটি কাবাব, অমৃতসৰী তাৱা মাচ্চি, গোষ্ট অৱধি শ্বীখৰ দৰে আকৰ্ষণীয় খাদ্যসম্ভাৰ আগবঢ়োৱা হ’ব। ইমান বিস্তৃত খাদ্যসম্ভাৰৰ মাজৰ পৰা নিশ্চিতভাৱে সকলোৱে নিজৰ বাবে উপভোগ্য ব্যঞ্জন নিৰ্বাচনৰ সুযোগ লাভ কৰিব৷ “ৰেডিছন ব্লু গুৱাহাটীত আমি বিশ্বাস কৰোঁ যে মাতৃ দিৱস হৈছে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুস্বাদু আহাৰ গ্ৰহণ কৰি উদযাপন কৰিবলগীয়া এটি বিশেষ অনুষ্ঠান,” হোটেলখনৰ এক বিবৃতিত উল্লেখ কৰা হয়।

“প্ৰতিগৰাকী মাতৃৰ বাবে এক স্মৰণীয় খাদ্য-অভিজ্ঞতা সৃষ্টি কৰাৰ উদ্দেশ্যে তেওঁলোকৰ ৰুচিবোধক তুষ্ট কৰাৰ মানসেৰে আমাৰ বিশেষ মেনুসমূহ প্ৰস্তুত কৰি তোলা হৈছে।” বুলিও বিবৃতিত উল্লেখ কৰা হয়। অতি বাঞ্ছনীয় ৰিজাৰ্ভচনৰ বাবে আগ্ৰহীসকলে +৯১৮৮১১০৯৯৩৬৯ নম্বৰত ফোন কৰি ৰিজাৰ্ভচন বা আগতীয়াকৈ টেবুল বাছনি কৰিব পাৰে। ৰেডিচন ব্লু গুৱাহাটীত বিশেষ আহাৰ আৰু এক বিশাল অভিজ্ঞতাৰ সমৃদ্ধ মাতৃ দিৱস উদযাপনৰ এই সোণালী সুযোগটো নিশ্চিতভাৱে গ্ৰহণ কৰক!