গুৱাহাটী, ৯ মে’ : ৰাজ্যত বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে (৯ মে’) ঘোষণা কৰে (Himanta Biswa Sarma Announced) যে ৰাজ্য চৰকাৰে বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰা উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “অসম চৰকাৰে এক বিশেষজ্ঞ সমিতি গঠন কৰি তদন্ত লোৱাৰ সিদ্ধান্ত লৈছে যে ৰাজ্য চৰকাৰৰ বহুবিবাহ নিষিদ্ধ কৰাৰ কৰ্তৃত্ব আছে নে নাই।” মুখ্যমন্ত্ৰীয়ে কয় যে এই সমিতিখনে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বাবে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ সম্পৰ্কত “ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদৰ সৈতে মুছলিম পাৰ্চনেল ল’ (শ্বৰিয়ত) এক্ট, ১৯৩৭ ৰ বিধানসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰিব।

তেওঁ কয় যে সমিতিখনে আইনী বিশেষজ্ঞকে ধৰি সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনা কৰি এক সু-অৱগত সিদ্ধান্তত উপনীত হ’ব। বিশেষজ্ঞ সমিতিখনত মুছলমান পণ্ডিতসকলো অন্তৰ্ভুক্ত হ’ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় সমিতি গঠন কৰি ইয়াক আইনত পৰিণত কৰা হ’ব আৰু বহুবিবাহৰ ওপৰত নিষেধাজ্ঞা আইনগত ব্যৱস্থাৰ জৰিয়তে হ’ব।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে যি ব্যক্তিয়ে বহুবিবাহত লিপ্ত হৈছে, তেওঁলোকক ধৰ্ম নিৰ্বিশেষে দমন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে ৰাজ্যখনৰ শিক্ষিত শ্ৰেণী আৰু জনগোষ্ঠীয় মুছলমান সম্প্ৰদায়ৰ মাজত বহুবিবাহৰ প্ৰথা কম।অসমৰ বৰাক উপত্যকা, নগাঁও জিলা আৰু হোজাই জিলাৰ দৰে ঠাইত বহুবিবাহৰ ঘটনা অধিক। এই সমিতিখন বুধবাৰে গঠন কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ‘আমি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক বহুবিবাহ দুয়োটাকে আক্ৰমণ কৰিব বিচাৰো। দুয়োটাকে দমন কৰিব এই সমিতিখনে। যদিও ই ইউচিচিৰ পৰা পৃথক, তথাপিও ই অৱশ্যে ইয়াৰ এটা অংশ হ’ব। আমি এতিয়া ইউচিচি অনা নাই।” উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত এইবাৰ বহুবিবাহ নিৰ্মূল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।