গুৱাহাটী, ১০ মে’ : শেহতীয়াকৈ অ টি টি প্লেটফৰ্ম ৰিলড্ৰামাত (Reeldrama platform) মুক্তি পোৱা অসমীয়া ৱেব ছিৰিজ ‘কলৰব’য়ে সমগ্ৰ ভাৰত আৰু বিদেশৰ দৰ্শকৰ পৰা ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সাতটা খণ্ডত বিভক্ত যথেষ্ট মনোগ্ৰাহী এই নাটকীয় শৃংখলাটি পৰিচালনা কৰিছে ব্যতিক্ৰমী প্ৰতিভা আৰু সৃষ্টিশীলতাৰ বাবে অসমৰ চলচ্চিত্ৰ আৰু টেলিভিছন জগতত সুপৰিচিত ননন পাচনীয়ে। ৰিলড্ৰামাৰ সৃজন দলৰ প্ৰচেষ্টাত বাস্তৱ ৰূপ লাভ কৰা গল্পটোৰ চিত্ৰনাট্য, সংলাপ ৰচনা কৰিছে প্ৰণৱ বৰুৱা আৰু উদয় ভাস্কৰ পাটৰে।

ৱেব ছিৰিজখনত অৰণ্য ভ্ৰমণলৈ যোৱা বন্ধুৰ দল এটাৰ কাহিনী উপস্থাপন কৰা হৈছে যিয়ে ভ্ৰমণৰ সময়ত পৰস্পৰৰ আটাইতকৈ কলুষতাপূৰ্ণ দিশবোৰৰ বিষয়ে জানিবলৈ পায় আৰু ঘটনাক্ৰমে তেওঁলোক প্ৰতিকূল পৰিস্থিতিৰ মাজত বান্ধ খাই পৰে। ৰেগিঙৰ বলি হোৱা আৰু কিছুমান বিশেষ পৰিস্থিতিত তীব্ৰ খং তথা বিতৃষ্ণাৰ সৃষ্টি কৰা মানসিক অৱস্থা মিছ’ফ’নিয়াত ভোগা নীতিৰ কনিষ্ঠ ভাতৃ পিকুক হেৰুৱাই নীতিয়ে নিজৰ যাতনাকাৰীসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। তাই তেওঁলোকক হত্যা কৰাৰ উদ্দেশ্যে ভ্ৰমণলৈ লৈ যায়, কিন্তু আনসকলৰ পৰিকল্পনা সম্পৰ্কে তাই অজ্ঞাত হৈ ৰয়। প্ৰতিগৰাকী ব্যক্তিৰ পৰা সত্যতা সম্পৰ্কে জ্ঞাত হোৱাৰ পিছত আৰক্ষীয়ে কেতবোৰ আচৰিত ধৰণৰ তথ্য উন্মোচন কৰে, যিয়ে ‘কলৰব’ৰ কুটিল আৰু শ্বাসৰূদ্ধকৰ কাহিনীটোক গঢ় দিয়ে।

“এজন পৰিচালক হিচাপে মোৰ শেহতীয়া ৱেব ছিৰিজ ‘কলৰব’য়ে ৰিলড্ৰামা প্লেটফৰ্মত লাভ কৰা ইতিবাচক সমাদৰ দেখি মই যথেষ্ট আনন্দিত হৈছো। এই ৰহস্যমূলক হত্যাৰ কাহিনীটো এক এনে প্ৰকল্প আছিল য’ত মই এটা কেন্দ্ৰীয় চৰিত্ৰৰ বিভিন্ন দৃষ্টিভংগী অন্বেষণ কৰি নিজকে ইয়াৰ যথেষ্ট অভ্যন্তৰলৈ লৈ গৈছিলো। এয়া এক প্ৰত্যাহ্বান আছিল যদিও ইয়াৰ পৰা লাভ কৰা ফলাফলৰ বাবে মই গৌৰৱান্বিত আৰু আমি যি প্ৰশংসা পাইছো তাৰ বাবে কৃতজ্ঞ। ‘কলৰব’ চোৱা আৰু সমৰ্থন কৰা সকলোকে ধন্যবাদ। মই নতুন কাহিনী সৃষ্টিৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ নতুন পৰিসীমা চুবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো,” পৰিচালক ননন পাচনীয়ে কয়।

‘কলৰব’ত সিদ্ধাৰ্থ শৰ্মা, স্নিগ্ধা গগৈ, হিমাংশু গগৈ, উদয়ন দুৱাৰা, হিমাংশু প্ৰসাদ দাস, অংগশ্ৰী নেওগ, ওৱেছিছ তালুকদাৰ, কৌশিক নাথ, অতুল পাচনী, নৰ্মদা দাস আৰু সাগৰিকা গোস্বামীৰ দৰে সুদক্ষ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। পৰাগ প্ৰিয়ম নাথৰ সংগীত, ৰুক্মজিৎ বৰুৱাৰ শব্দ ডিজাইনৰ লগতে অনিমা পাচনীৰ প্ৰডাকচন ডিজাইন তথা ওৱেছিছ তালুকদাৰ সহিতে সুৰুজ ডেকা আৰু বিতুল দাসৰ চিনেমেট’গ্ৰাফীয়ে সমগ্ৰ শৃংখলাটোক জীৱন্ত ৰূপত দাঙি ধৰিছ। ভাৰত আৰু বিদেশৰ দৰ্শকসকলৰ মাজত ‘কলৰব’য়ে লাভ কৰা সফলতাই হৈছে দলটোৰ ব্যতিক্ৰমী প্ৰতিভা আৰু দৰ্শকক আকৰ্ষণ কৰিব পৰা সমল সৃষ্টি কৰাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ সামৰ্থ্যৰ এক প্ৰমাণ। ৰিলড্ৰামা হৈছে আঞ্চলিক মনোৰঞ্জন উদ্যোগত এক বিপ্লৱ কঢ়িয়াই অনা অসমীয়া অভাৰ দ্য টপ (অ টি টি) ষ্ট্ৰীমিং প্লেটফৰ্ম।

এই প্লেটফৰ্মত অসমীয়া ভাষাত চিনেমা, টিভি ধাৰাবাহিক, মৌলিক ৱেব ছিৰিজকে ধৰি বিভিন্ন ধৰণৰ দৃশ্য-শ্ৰাব্যমূলক বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। ৰিলড্ৰামাই আঞ্চলিক সমল প্ৰস্তুতকৰণ, বিতৰণ আৰু ব্যৱহাৰৰ পদ্ধতিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছে, যিয়ে ইয়াক অধিক সুলভ আৰু সমগ্ৰ বিশ্বৰ বৃহত্তৰ দৰ্শক সমাজৰ বাবে মনোগ্ৰাহী কৰি তুলিছে। সাহসী আৰু অভিনৱ দৃষ্টিভংগীৰে ৰিলড্ৰামাই অসমীয়া মনোৰঞ্জন উদ্যোগৰ সপক্ষে আগবাঢ়ি আহি নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকক অনুপ্ৰাণিত কৰিছে। ৰিলড্ৰামাৰ এই ব্যতিক্ৰমী বিষয়বস্তুসমূহে আঞ্চলিক দৰ্শকৰ উপৰি সমগ্ৰ বিশ্বৰ চুকে-কোণে সিঁচৰতি হৈ থকা প্ৰবাসী অসমীয়াসকলৰ পৰাও ইতিবাচক সমালোচনা লাভ কৰি আঞ্চলিক মনোৰঞ্জনৰ পট পৰিৱৰ্তনকাৰী হিচাপে নিজৰ স্থান শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে।