নগাঁও : মধ্য অসমৰ ড্ৰাগছৰ সাম্ৰাজ্য উৎসাত নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীৰ জালত মধ্য অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া অমলজ্যোতি কলিতা। জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু ফ চিৰাপ। নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে ওৰে নিশা অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰে।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ৰাজ্য চলি আছে ড্ৰাগছৰ সাম্ৰাজ্য। আৰক্ষীৰ অভিযানক কেৰেপ নকৰি একাংশ ড্ৰাগছ মৰিয়াই চলাই গৈছে ড্ৰাগছৰ সাম্ৰাজ্য। তেনে এক ড্ৰাগছৰ সাম্ৰাজ্য উৎসাত কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীৰ এটা দলে।

দেওবাৰে ওৰে নিশা অভিযান চলাই নগাঁও আৰক্ষীয়ে মধ্য অসমৰ ড্ৰাগছৰ সাম্ৰাজ্য উৎসাত কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্যত জালত পৰে মধ্য অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া অমলজ্যোতি কলিতা। লগতে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত ডিফলুত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। অভিযানকালত আৰক্ষীয়ে ১৩ লাখ নিচাযুক্ত টেবলেট আৰু ১৪ হাজাৰ ৮ শ টা কফ চিৰাপ জব্দ কৰে। উল্লেখ্য যে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত প্ৰথমে ধূপগুৰি কলনিবস্তিত চলিছিল ড্ৰাগছ বিৰোধী অভিযান।

ধূপগুৰিৰ কলনিবস্তিৰ বাহাৰুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি আৰক্ষীয়ে বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। বাহাৰুল ইছলামৰ তথ্যৰ ভিত্তিত ডিফলুত অমলজ্যোতি কলিতাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ড্ৰাগছ মাফিয়া দুজনক আৰক্ষীয়ে জেৰা চলাই আছে।