আজিজ আলী
নালবাৰী : বান বিধ্বস্ত পশ্চিম নলবাৰীত পুনৰ উপস্থিত হ’ল স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পশ্চিম নলবাৰীত নিশালৈকে বানাক্ৰান্তৰ শিবিৰে শিবিৰে গৈ বানাক্ৰান্ত ৰাইজৰ খবৰ ল’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পশ্চিম নলবাৰীত বুঢ়াদিয়া, মৰাপাগলাদিয়া আৰু কানাইখুন্দা তিনিখন নদীৰ বাঢ়নী পানীয়ে এইবাৰ ত্ৰাসৰ সৃষ্টি কৰিছে।

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰিছে। কোনোদিনাই পানী নুঠা বহু অঞ্চল এইবাৰৰ প্ৰলয়ংকাৰী বানে বুঢ়াই পেলাইছে৷ পশ্চিম নলবাৰী ৰাজহ চক্ৰ, বানেকুছি ৰাজহ চক্ৰ আৰু টিহু ৰাজহ চক্ৰৰ শতাধিক গাঁৱৰ পাঁচ হাজাৰৰো অধিক পৰিয়ালে এইবাৰৰ বানত ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ পশ্চিম নলবাৰীত কুৰিটাৰো অধিক আশ্ৰয় শিবিৰত বানাক্ৰান্ত লোক সকলে আশ্ৰয় গ্ৰহণ কৰাৰ উপৰিও বহু পৰিয়ালে আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে।

ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পশ্চিম নলবাৰীৰ আমনি, পখুৰা, শোলমাৰা, লখোপুৰ, দাহুদী, বৰী, চৰিয়াপাৰ আদি বানাক্ৰান্ত গাঁও পৰিদৰ্শন কৰি বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বানাক্ৰান্ত লোক সকলক নিশালৈকে শিবিৰে শিবিৰে লগ ধৰি বান সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।