গুৱাহাটী : ৰাজ্যত অব্যাহত আছে দুষ্প্ৰাপ্য শগুণৰ নিধন যজ্ঞ। দক্ষিণ কামৰূপত পুনৰ শগুণৰ মৃত্যু। বিষক্ৰিয়াৰ ফলত ২৪ টাকৈ শগুণৰ মৃত্যু। ১২ টাকৈ শগুণ গুৰুত্বৰভাৱে অসুস্থ। কিছুদিন পুর্বে দক্ষিণ কামৰূপৰ ছায়গাঁও অঞ্চলত বিষক্ৰিয়া হৈ মৃত্যু হৈছিল ১০০ টাকৈ দুষ্প্ৰাপ্য শগুণৰ।

দুষ্প্ৰাপ্য শগুণৰ অস্তিত্বৰ প্ৰতি অধিক সংকট নামি আহিছে। ইতিমধ্যে পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰা শগুণৰ অস্তিত্ব অধিক সংকটত পৰিছে অসমত। বিষক্ৰিয়াৰ ফলত ৰাজ্যত প্ৰায়ে শগুণৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায়। বিষক্ৰিয়াৰ ফলত পুনৰ ২৪ টাকৈ দুষ্প্ৰাপ্য শগুণ মৃত্যুৰ মুখত পৰিছে অসমত।

দক্ষিণ কামৰূপৰ বৰিহাটৰ নিৰলপুৰ গাঁৱত ২৪ টাকৈ দুষ্প্ৰাপ্য শগুণৰ কৰুণ মৃত্যু ঘটিছে। খাদ্যত বিষক্ৰিয়া হৈ নিৰলপুৰ গাঁৱত ২৪ টাকৈ দুষ্প্ৰাপ্য শগুণ মৃত্যুৰ মুখত পৰাৰ লগতে ১২ টাকৈ শগুণ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছে। অসুস্থ ১২ টা শগুণক ৰাণী শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ চিকিৎসা বাবে প্ৰেৰণ কৰা হৈছে।

মৃত কুকুৰ ভক্ষণ কৰাৰ ফলত ২৪ টাকৈ শগুণৰ মৃত্যু হোৱাৰ লগতে ১২ টা শগুণ অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে। পথাৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে শগুণ কেইটা প্ৰত্যক্ষ কৰি বন ভিভাগক খবৰ দিয়ে। বন বিভাগে অসুস্থ শগুণ কেইটাক উদ্ধাৰ কৰি চিকিৎসা বাবে ৰাণী শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা ৯ এপ্ৰিলত ৰাণী অঞ্চলত বিষক্ৰিয়াৰ ফলত ১০ টাকৈ শগুণ অসুস্থ হৈ পৰিছিল। ইয়াৰে ৩ টা শগুণৰ মৃত্যু হৈছিল। আনহাতে যোৱা ৩ মাৰ্চত ছায়গাঁৱৰ মিলনপুৰ অঞ্চলত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিছিল ১০০ টাকৈ দুষ্প্ৰাপ্য শগুণ। প্রথমবাৰৰ বাবে ইমান সংখ্যক শগুণৰ বিষক্ৰিয়াৰ ফলত একেলগে মৃত্যু হৈছিল।