শ্ৰীৰামপুৰ : পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs)। গুৱাহাটীৰ পৰা পশ্চিম বংগলৈ নি থকা অৱস্থাত জব্দ তিনি কোটি টকা মূল্যৰ ড্ৰাগছ। এখন বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি। বহিঃৰাজ্যৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী অসম আৰক্ষীৰ জালত।

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতো অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আছে ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে।

অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে কোটি কোটি টকাৰ ড্ৰাগছ অসম আৰক্ষীয়ে জব্দ কৰাৰ লগতে জালত পেলাইছে বৃহৎ সংখ্যক ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰীক। অসম আৰক্ষীয়ে সাফল্য লাভ কৰি আছে যদিও ৰোধ কৰিব পৰা নাই ৰাজ্যৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ। পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে অসম আৰক্ষীৰ জালত।

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ হৈছে তিনি কোটি টকা মূল্যৰ হেৰ’ইন। বহিঃৰাজ্যৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই হেৰ’ইনখিনি। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তর্গহ অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনখিনি জব্দ কৰে। শনিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুজন বহিঃৰাজ্যৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে পশ্চিম বংগৰ কোচবিহাৰৰ কোতোৱালীৰ বাসিন্দা ছাইনুল মিঞা আৰু ৰাজু হুছেইন বুলি জানিব পৰা গৈছে৷ এক গোপন খবৰৰ ভিত্তিত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ডব্লিউবি-৭৪-জেড-৫০১৬ নম্বৰৰ এখন বাহনত তালাচী চলাই ৩ কেজি হেৰ’ইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে গুৱাহাটীৰ পৰা ড্ৰাগছখিনি কোচবিহাৰলৈ নি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে।