গুৱাহাটী : বিএনআই ব্ৰহ্মপুত্ৰৰ উদ্যোগত পল্টন বজাৰৰ আশি অপ্সৰা বেংকিউট হলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বেপাৰ ২.০ শীর্ষক প্রদর্শনীত কলাৰ্চৰ বিভিন্ন সা-সামগ্ৰী প্ৰদৰ্শন কৰে। উলুবাৰীৰ গজানন ইলেকট্রিকেলে বেপাৰ ২.০ শীৰ্ষক প্ৰদৰ্শনীত কলাৰ্চৰ বিভিন্ন চুইচ, ওৱেৰ, ইলেকট্ৰিকেল বাল্বকে আদি কৰি সকলো ধৰণৰ বৈদ্যুতিক সামগ্ৰী গ্ৰাহকৰ সুবিধাৰ কাৰণে প্ৰদৰ্শন কৰে।

উলুবাৰীৰ গজানন ইলেকট্ৰিকেলৰ মুৰব্বী কৰন হাৰলালকাই কয় যে প্রদর্শনীত গ্রাহকে লাভ কৰে নিম্নতম মূল্যত উন্নত মানদণ্ডৰ কলাৰ্চৰ চুইচ, ওৱেৰ, এলইডি বাল্ব, ডিবি বক্সকে আদি কৰি বহুতো সামগ্ৰী। দুদিনীয়া বেপাৰ ২.০ শীর্ষক প্রদর্শনী সন্দৰ্ভত কলাৰ্চৰ উত্তৰপূবৰ মুৰব্বী প্রভাত চন্দকে কয় কলাৰ্চ মুম্বাইৰ এক আগশাৰীৰ ব্ৰেণ্ড আগশাৰীৰি বৈদ্যুতিক সামগ্রী নির্মাণ আৰু উৎপাদন কৰে। ইয়াৰ ভিতৰত আছে চুইচকে ধৰি বৈদ্যুতিক তাঁৰৰ দৰে সামগ্ৰী। তেওঁলোকৰ উত্তৰপূবত ৩০০ খন সহযোগী প্রতিষ্ঠান আছে।

তেওঁ লগতে সকলোকে আহ্বান জনায় শাৰদীয় দুর্গা পূজা আৰু দেৱালী কলাৰ্চৰ সামগ্ৰীৰ সৈতে পালন কৰক এই উৎসৱ। অসম তথা উত্তৰ-পূবৰ কলাৰ্চৰ সহকাৰী প্ৰবন্ধক কমল চনি, পংকজ মুন্দ্ৰকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উক্ত প্রদর্শনীত উপস্থিত থাকে। একেদৰে ৰাইনো ইলেকট্ৰিকেলচৰ গোপাল পাচাৰিকে আদি কৰি কলাৰ্চৰ কেইবাখনো ডিলাৰৰ স্বত্বাধিকাৰী উপস্থিত থাকে।