সোণতলী, ৫ মেঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিৰ্বাৰণ শাখাই গৰৈমাৰীৰ বিভিন্ন অঞ্চলত ছাডেন ভিজিট কৰে ৷ গৰৈমাৰী উন্নয়ন খণ্ডত বিভিন্ন সময়ত উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে স্বেচ্চাসেৱী সংগঠন কামৰূপ জিলা মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰই দাখিল কৰা অভিযোগৰ ভিত্তিত দুৰ্নীতি নিৰ্বাৰক শাখাই এই কাৰ্যসূচী হাতত লয়৷ জিলা মানৱ মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰৰ সচিব নুৰুল ইছলামৰ অভিযোগ অনুসৰি গুৱাহাটীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিৰ্বাৰণ শাখাৰ পৰিদৰ্শক অনিমেশ  দাসৰ নেতৃত্বত এটা দলে গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ২নং ভূলুকাবাৰী হাতীশলা গাওঁ পঞ্চায়তৰ বিভিন্ন আঁচনিৰ কাম পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সাক্ষ্য গ্ৰহন কৰে৷ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবা কোটি টকীয়া কেলেংকাৰীত একাংশ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ তথা জনপ্ৰতিনিধি জড়িত থকাৰ কথা জানিব পৰা গৈছে৷ দুৰ্নীতি নিৰ্বাৰক শাখা এই অভিযানে শীঘ্ৰে কেলেংকাৰীত জড়িত লোকক আটক কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আনহাতে দুৰ্নীতি নিবাৰকৰ ছাডেন ভিজিট সময়ত ব্লকটোৰ একাংশ বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত অনুপস্থিত আছিল৷ উন্নয়ন খণ্ডৰ এইসকল বিষয়া-কৰ্মচাৰী অনুপস্থিতিৰ কাৰণ দৰ্শোৱাৰ কাৰণে দুৰ্নীতি নিৰ্বাৰক শাখাক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে৷