আমিনুৰ ৰহমান

শিৱসাগৰ : শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ গৰ্ভগৃহত হাতুৰীৰ কোব। উঠাই দিয়া হ’ল শিৱদৌলৰ শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি। শিৱদৌলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে। সামাজিক মাধ্যমত খলকনি লগোৱা প’ষ্টটত বিভ্ৰান্ত নহ’বলৈ আহ্বান শিৱদৌল উন্নয়ন সমিতিৰ।

শিৱসাগৰ বুলি ক’লেই পাথমে আমাৰ মনলৈ আহে ঐতিহাসিক শিৱ মন্দিৰ দৃশ্য। আহোমৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰাইছিল তিনিটা দৌল। মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱদৌল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দৌল ক্ৰমে দেৱী দৌল আৰু বিষ্ণু দৌল।

এই দৌল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে ভক্ত ৰাইজৰ লগতে পৰ্যটকৰ আগমণ ঘটে শিৱসাগৰত। তাহানিৰ দিনৰে পৰা শিৱক সেৱা পূজা অৰ্চনা কৰি অহা হৈছে শিৱদৌল দ’লত। বছৰৰ মাথোন চাৰিটা দিনৰ বাহিৰে সকলো সময়তে পুৱা আৰু গধূলি শিৱদৌলত সেৱা, পূজা অৰ্চনা কৰি অহা হৈছে দেৱাদি দেৱ মহাদেৱৰ।

অসমীয়া আহাৰ মাহৰ ৭ তাৰিখে আৰম্ভ হোৱা অম্বুবাচী প্ৰবৃতিৰ পৰা অম্বুবাচী নিবৃত্তিলৈকে শিৱদৌলত পূজা অৰ্চনা বন্ধ থাকে। কিন্তু সম্প্ৰতি অসমীয়াৰ আবেগ অনুভূতি জৰিত হৈ থকা শিৱদৌলৰ গৰ্ভগৃহত পৰিছে হাতুৰীৰ কোব। উঠাই দিয়া হৈছে শিৱদৌলৰ শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি। দৌলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে।

শিৱসাগৰ নগৰক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। যাৰ বাবে বিভিন্ন সময়ত ভক্ত প্ৰাণ ৰাইজে দৌল লৈ উৎসৰ্গা কৰা শিৱ লিংগ, ত্ৰিশূল, ফেনা, বৃষভ ঈত্যাদি উঘালি বাহিৰ কৰি দিয়া হৈছে দৌলৰ গৰ্ভগৃহৰ পৰা। আহোম ৰজাই প্ৰতিষ্ঠা কৰি যোৱা কেৱল মাত্ৰ কুণ্ডভাগহে ৰখা হ’ব দলৰ ভিতৰত।

সমান্তৰালভাৱে সকলো টাইলচ ভাঙি পুনৰ এবাৰ আহোম ৰজাই নিৰ্মাণ কৰি থৈ যোৱা মূল সুঁতিলৈ ঘূৰি যোৱাৰ প্ৰয়াস কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ৷ কিছুদিন পূৰ্বে শিৱদৌলত উপস্থিত হৈ ষ্টেট ইনোভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগৰ সহ-উপাধ্যক্ষ ৰমেন ডেকাই এই সন্দৰ্ভত সদৰি কৰি গৈছিল উক্ত বিষয়টো।

প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰি থাকিব পৰাকৈ তাহানিৰ দিনতে নিৰ্মাণ কাৰ্যত ব্যৱহৃত থলুৱা উপাদান যেনে হাঁহৰ কণী, বড়া চাউল, মাটি মাহ ইত্যাদিৰ যি গুণাগুণ সেইয়া এতিয়াও অক্ষুন্ন ৰখাৰ প্ৰয়াস। আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাবে যাতে দলৰ আয়ুস ৰেখাত ব্যাঘাত নজন্মে আৰু কোনো ধৰণৰ আঘাত নহয় এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে দৌল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে।