গুৱাহাটী, ২৭ আগষ্ট, ২০২৩ : ৰে’লত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী পৰিবহনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৩ ৰ পৰা ২৫ আগষ্ট লৈ ১.৬৪ কোটি টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে। আৰপিএফে এই সময়ছোৱাত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী পৰিবহনত জড়িত থকাৰ অভিযোগত ছয়জন লোককো আটক কৰিছে।

শেহতীয়াকৈ ২৫ আগষ্ট তাৰিখে সংঘটিত এক ঘটনাত, ডিমাপুৰৰ আৰপিএফে ডিমাপুৰ ৰে’ল ষ্টেচনত তালাচী চলাইছিল। তালাচীৰ সময়ত, এটা দাবীহীন মোনা চিনাক্ত কৰে আৰু প্ৰায় ১.১০ কোটি টকা মূল্যৰ ৫৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। ৫০ টা চাবোনৰ বাকচত লুকুৱাই ৰখা হৈছিল ব্ৰাউন চুগাৰখিনি। পিছত, উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনি পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে ডিমাপুৰ জিআৰপিক হস্তান্তৰ কৰা হয়।

২৪ আগষ্ট তাৰিখে সংঘটিত এক ঘটনাত, আগৰতলাৰ আৰপিএফ আৰু জিআৰপিয়ে আগৰতলা ৰে’ল ষ্টেচনত ১৩১৭৩ আপ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লত তালাচী চলায়। তালাচীৰ সময়ত অভিজানকাৰী দলটোৱে তিনিজন লোকক আটক কৰে আৰু ৰে’লখনৰ পৰা ১.৩৮ লাখ টকা মূল্যৰ ৭৮৮ বটল কফ চিৰাপ উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা কফ চিৰাপৰ সৈতে আটক কৰা লোকসকলক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলা জিআৰপিক হস্তান্তৰ কৰা হয়।

তদুপৰি, ২৩ আৰু ২৪ আগষ্ট তাৰিখে চলোৱা বিভিন্ন অভিযান আৰু তালাচীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আৰপিএফে ৫১ লাখ টকা মূল্যৰ ছুপাৰি, ১.৬৪ লাখ মূল্যৰ ৯৩৬ বটল কফ চিৰাপ আৰু ৭৪৪০.০০ টকা মূল্যৰ, ৪৮ বটল সুৰা বিভিন্ন ট্ৰেইন আৰু ষ্টেচনৰ পৰা উদ্ধাৰ কৰে। ২৩ আগষ্ট তাৰিখে কফ চিৰাপ অবৈধভাৱে ৰখাৰ বাবে তিনিজন লোককো আটক কৰা হয়। পিছত, উদ্ধাৰ কৰা নিষিদ্ধ সামগ্ৰী আৰু আটক কৰা লোকসকলক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট বিভাগক হস্তান্তৰ কৰা হয়।

উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আৰপিএফে জানুৱাৰীৰ পৰা জুলাই, ২০২৩ লৈকে অবৈধভাৱে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী কঢ়িয়াই নিয়াৰ ৪৩৪ টা ঘটনা ধৰা পেলাইছে। ১৩.৩৬ কোটি টকাৰ অধিক মূল্যৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ কৰিছে। এই সময়ছোৱাত, আৰপিএফে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী অবৈধভাৱে কঢ়িয়াই নিয়াৰ বাবে ২৫০ জন লোককো আটক কৰে।