গুৱাহাটী : গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ (India VS Sri Lanka) মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত শ্ৰীলংকাক পৰাস্ত কৰিছে ভাৰতে। ভাৰতে ৬৭ ৰাণৰ বৃহৎ ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰে। এই জয়েৰে ভাৰতীয় দলটো তিনিখন মেচৰ শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰে।

ভাৰতে প্ৰথমে বেট ধৰি ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৭৩ ৰাণ সংগ্ৰহ কৰিছিল। ভাৰতে শ্ৰীলংকাক জয়ৰ বাবে বান্ধি দিয়া এই বিশাল লক্ষ্যৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ দলটো নিৰ্ধাৰিৰ ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩০৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। শ্ৰীলংকাৰ হৈ অধিনায়ক দছুন শনাকাই ১০৮ ৰাণ সংগ্ৰহ কৰি নট আউট হৈ থাকে। দছুন শনাকাই ১২ টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত এই ১০৮ ৰাণ সংগ্ৰহ কৰে।

শ্ৰীলংকা দলটোৰ অ’পেনাৰ পাথুম নিছাংকাই ৭২ ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকা দলটোৰ অধিনায়ক দছুন শনাকা আৰু অ’পেনাৰ পাথুম নিছাংকাৰ দৰ্শনীয়া ইনিংছৰ পিছতো দলটো প্ৰথমখন এদিনীয়াত ৬৭ ৰাণত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। দছুন শনাকা আৰু পাথুম নিছাংকাৰ উপৰি ধনঞ্জয় ডি চিলভাই ৪০ টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰে। ধনঞ্জয় ডি চিলভাৰ ইনিংছটোত আছিল ৯ টা চাৰিটা।

প্ৰথমখন এদিনীয়াত শ্ৰীলংকাৰ আন বেটছমেনসকলে নিৰাশ কৰে। ইফালে বেগী বলাৰ উমৰাণ মালিক আছিল ভাৰতৰ সবাতোকৈ সফল বলাৰ। উমৰাণ মালিকে ৮ অভাৰত ৫৭ ৰাণ খৰচ কৰি শ্ৰীলংকাৰ তিনিজন খেলুৱৈক আউট কৰে। মহম্মদ ছিৰাজে দুজন খেলুৱৈক, মহম্মদ ছামি আৰু যুজবেন্দ্ৰ চাহালে এটাকৈ উইকেট লাভ কৰে। প্ৰথমখন এদিনীয়াত বিৰাট কোহলীয়ে শতক অৰ্জন কৰে।

প্ৰাক্তন অধিনায়ক গৰাকীয়ে ৮৭ টা বলত ১১৩ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলীৰ ইনিংছটোত আছিল ১২ টা চাৰি আৰু ১ টা ছয়। এয়া বিৰাট কোহলীৰ এদিনীয়া কেৰিয়াৰৰ ৪৫ সংখ্যক শতক। বিৰাট কোহলীৰ লগতে অধিনায়ক ৰোহিত শৰ্মা আৰু শুবমান গিলে উৎকৃষ্ট ইনিংছ খেলে। দুয়োগৰাকী বেটছমেনে প্ৰথম উইকেটত ১৪৩ ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৬৭ বলত ৮৩ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে শুবমান গিলে ৬০ বলত ৭০ ৰাণ সংগ্ৰহ কৰে।