কলকাতা, ৬ মেঃ কলকাতাৰ জে.ডব্লিউ.মেৰিয়ট হোটেলত ইণ্ডো-আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত ইণ্ডো-ইউ এচ প্ৰমোচন অৱ ট্ৰেভেল এণ্ড টুৰিজিম শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনচক্ৰত উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী অশোক কুমাৰ পাণ্ডা, সাংসদ তথা অভিনেত্ৰী ৰূপা গাংগুলী মুখ্য অতিথি আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মূলত পূৰ্বভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত মুখ্য ব্যক্তিসকল উপস্থিত থাকে। পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই উক্ত অনুষ্ঠানত অসমৰ পৰ্যটনৰ সম্ভাৱনতা আৰু বৰ্ত্তমান চলি থকাৰ পৰ্যটন ক্ষেত্ৰসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে আগ্ৰহী ব্যক্তিগত খণ্ডৰ কোম্পানীসকলক অসমৰ পৰ্যটন ক্ষেত্ৰত বিনিয়োগ কৰাৰ বাবে আহ্বান জনায় আৰু চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সা-সুবিধা দিয়াৰ আশ্বাস প্ৰদান কৰে। এই অনুষ্ঠান অসম চৰকাৰৰ কলিকতাস্থ ৰেচিডেন্স কমিচনাৰ দেৱাশীষ চক্ৰৱৰ্ত্তীয়ে অসমৰ পৰ্যটনৰ ওপৰত এটি সুন্দৰ তথ্যভিত্তিক প্ৰেজেন্টেচন আগবঢ়ায়।