আজিজ আলী
নলবাৰী : বানৰ তাণ্ডৱৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ আতংক। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত জাপানীজ এনকেফেলাইটিছৰ আতংক। স্বাস্থ্য বিভাগৰ এটা দল বৰক্ষেত্ৰীত উপস্থিত হৈ ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

ৰাজ্যৰ ২৫ খনকৈ জিলা এতিয়াও বাঢ়নী পানীৰ তলত। ২৯ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে। বানপানীৰ ফলত বিধ্বস্ত হৈ পৰা জিলা সমূহৰ ভিতৰত অন্যতম নলবাৰী জিলা। জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত।

বানৰ তাণ্ডৱ মাজতে বৰক্ষেত্ৰী সমষ্টিত জাপানীজ এনকেফেলাইটিছৰ আতংকই এতিয়া নিদ্ৰা হৰিছে সমগ্ৰ অঞ্চলবাসী ৰাইজৰ। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঠেংলা বড়ো পথৰ বিষ্ণুপুৰ অঞ্চলত জাপানীজ এনকেফেলাইটিছত এজন লোক আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে। গাঁওখনৰ গংগাধৰ তালুকদাৰ নামৰ এজন লোকক সাধাৰণ জ্বৰ হোৱাত ভৰ্তি কৰোৱা হৈছিল মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত।

পৰৱৰ্তী সময়ত লোকজনক উন্নত চিকিৎসাৰ বাবে নলবাৰী সাৰথি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও লোকজন অধিক অসুস্থ হৈ পৰাত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। লোকজন জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে অঞ্চলটোত স্বাস্থ্য বিভাগৰ লোক আহি অঞ্চলটোৰ ৰাইজক সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে।