গুৱাহাটী : ৰাজ্য চৰকাৰ আৰু স্পাইছ বৰ্ডে যুতীয়াভাৱে মচলাখণ্ডত আন্তঃগাঠনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মচলা উদ্যেগৰ বিকাশৰ বাবে গুৱাহাটীত স্থাপন কৰা হ’ব মচলাৰ গুণগত মানদণ্ড মুল্যায়ন কৰাৰ বাবে গৱেষণাগাৰ-পৰীক্ষাকেন্দ্ৰ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। গুৱাহাটীত বৃহস্পতিবাৰে আয়োজতি আন্তঃৰাষ্ট্ৰীয় ক্রেতা-বিক্রেতা সন্মিলন উদ্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় “মচলা উৎপাদনৰ মানদণ্ডৰ ক্ষেত্ৰত চৰকাৰে বিশেষে পদক্ষেপ গ্ৰহণ কৰিব। অসম হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। বৰ্তমান ৰাজ্যখনত উন্নত হৈছে যোগাযোগ ব্যৱস্থা আৰু বিকাশ হৈছে আন্তঃগাঠনি। মচলাকে আদি কৰি ৰাজ্য তথা উত্তৰ-পূব অঞ্চলত উৎপাদিত শস্য বহল প্ৰচাৰৰ লগতে এক ৰপ্তানিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই ক্ষেত্ৰত অসমে বিশেষ ভূমিকা গ্ৰহণ কৰিব”।

উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশত কৃষি-পশুপালন-মীন মন্ত্রী টেগ টাকীয়ে ক্ৰেতা আৰু বিক্রেতা সন্মিলনত অংশ গ্ৰহণ কৰা লোক সকলক উদ্দ্যেশি কয় যে উত্তৰ-পূবত মচলা খণ্ডত বিকাশৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰযুক্তি আৰু আন্তঃগাঠনি উন্নয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই ক্ষেত্ৰত আমি সকলোৱে আগভাগ লোৱা উচিত। অনুষ্ঠানটোত আইএফএচৰ সম্পাদক ডি সাথিয়াই আদৰণি ভাষণ আগবঢ়াই কয় ‘আন্তঃৰাষ্ট্ৰীয় ক্রেতা বিক্রেতা সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মচলা খণ্ড অধিক প্ৰসাৰ কৰা আৰু মানদণ্ডৰ লগতে আন্তঃগাঠনি উন্নয়ন কৰা। ছিকিমত প্ৰচুৰ পৰিমাণে ইলাচী উৎপাদন হোৱাৰ লগতে অসমত কাৰ্বি আংলংত আদা, জলকীয়া, বার্থছ আইচিলি, হাথেই চিলি আৰু ডালে খুৰছানীৰ উৎপাদন সর্বাধিক। তেওঁ লগতে কয় এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতা সকলৰ সৈতে অঞ্চলটোৰ থলুৱা, উচ্চ মানদণ্ডৰ মচলাৰ বাবে পোনপটীয়া বাণিজ্যিক সম্পর্ক গঢ়ি তোলা। এই সন্মিলন তথা প্ৰদৰ্শনীত অঞ্চলটোত উৎপাদিত শস্যসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিশেষভাৱে আলোকপাত কৰা হয়।

স্পাইছ বৰ্ডে এই সন্মিলনৰ জড়িয়তে মচলাৰ ৰপ্তানিৰ এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। স্পাইছ বৰ্ডৰ সম্পাদক গৰাকীয়ে শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানতে স্পাইছ বৰ্ডে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ বাবে বৃহৎ ইলাচী উৎপাদনশীলতা বঁটা প্ৰদান কৰে। পদ্মশ্রী বঁটা প্ৰাপ্ত ট্রিনিটি চাইও, নানাদ্রো বি মাৰাককো সন্মানিত কৰা হয়। ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু এছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আজি অনুষ্ঠিত ক্রেতা-বিক্রেতা সন্মিলনত ৫০ ৰো অধিক প্রতিনিধি উপস্থিত থকাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন সাতখন ৰাজ্যৰ মচলা বিক্রেতাই সন্মিলনত ভাগ লয়। শুকুৰবাৰে সামৰণি পৰিব এই সন্মিলনৰ। অনুষ্ঠানটোত কৃষি বিভাগৰ আয়ুক্ত সচিব ড° ওম প্রকাশ আৰু মচলা পৰিষদৰ সঞ্চালক ড° এ বি ৰেমাশ্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সম্বধোন কৰে।