গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৩ : জিৰিবাম-ইম্ফল নতুন লাইন ৰে’ল লাইন প্ৰকল্পটো উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ প্ৰকল্প আৰু এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ প্ৰায় অগ্ৰিম পৰ্যায়ত আছে। ভাৰতীয় ৰে’লৱেই (Indian Railway) কেইবাটাও নতুন ৰে’ললাইন প্ৰকল্প সম্পাদন কৰি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে আৰু সামগ্ৰিক প্ৰেক্ষাপটত জিৰিবাম-ইম্ফল ৰে’ল সংযোগ প্ৰকল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰিবলৈ নতুন ৰে’লপথ নিৰ্মাণৰ কাম কেপিটিল কানেকটিভিটি প্ৰকল্পৰ অধীনত চলি আছে। যিহেতু মণিপুৰ ৰাজধানী চহৰ অৰ্থাৎ ইম্ফলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ কাম পূৰ্ণ গতিত চলি আছে, অভিযান্ত্ৰিক আশ্বৰ্য হিচাপে বিবেচিত ননী সেঁতু হৈছে এক উল্লেখনীয় উপাদান আৰু ইয়াক ১৪১ মিটাৰ উচ্চ বিশ্বৰ আটাইতকৈ ওখ ৰে’লৱে পিয়েৰ সেঁতু হিচাপে গণ্য কৰা হৈছে আৰু ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম-ইম্ফল ৰে’ললাইন প্ৰকল্পৰ এক অবিচ্ছেদ্য অংশ।

প্ৰগতিৰ শেহতীয়া তথ্য অনুসৰি, সেঁতুখন সম্পূৰ্ণ হোৱাৰ পথত আছে আৰু ইয়াৰ ৮০ শতাংশ কাম সম্পন্ন হৈছে। সেঁতুখন সম্পূৰ্ণ হোৱাৰ পিছত মানৱ কৌশল আৰু অভিযান্ত্ৰিক দক্ষতাৰ প্ৰমাণ হিচাপে এই সেঁতুখনে প্ৰতিনিধিত্ব কৰিব কিয়নো সেঁতুখনৰ গাঁথনিৰ বিশালতা হ’ব আশ্চৰ্যকৰ, যিয়ে নিৰৱচ্ছিন্ন ৰে’ল সংযোগ নিশ্চিত কৰিবলৈ ভৌগোলিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হ’ব। কেৱল সংযোগেই নহয়, ননী সেঁতু আৰু জিৰিবাম-ইম্ফল ৰে’ললাইন প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ ফলত মণিপুৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহ অৰ্থনৈতিক বিকাশৰ বৃদ্ধি ঘটিব।

ৰে’লৰ জৰিয়তে সামগ্ৰী আৰু যাত্ৰীৰ সুদক্ষ পৰিবহনে ব্যয় হ্ৰাস কৰিব, বাণিজ্য বৃদ্ধি কৰিব আৰু উদ্যোগ আৰু আন্তঃগাঁথনিগত বিনিয়োগক উৎসাহিত কৰিব। ইয়াৰ উপৰিও, এই সেঁতুখনৰ দ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আৰু অঞ্চলটোৰ সামগ্ৰিক সমৃদ্ধিত অৰিহণা যোগোৱাৰো সম্ভাৱনা আছে। ই উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহক উন্নত ৰে’ল সংযোগৰ সৈতে দেশৰ বাকী অংশৰ সৈতে একত্ৰিত কৰাৰ বৃহত্তৰ পৰিকল্পনাত এক গুৰুত্বপূৰ্ণ ধমনী হিচাপে কাম কৰিব আৰু বাণিজ্য, পৰ্যটন আৰু জনসাধাৰণৰ মাজত পাৰম্পৰিক সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ ফলত একতা আৰু অন্তৰ্ভূক্তিৰ অনুভূতি গঢ়ি উঠিব।জিৰিবাম-ইম্ফল ৰে’ল প্ৰকল্প নিৰ্মাণত একাধিক সুৰংগ অন্তৰ্ভুক্ত আছে আৰু এই প্ৰকল্পত সুৰংগৰ মুঠ দৈৰ্ঘ্য হৈছে ৬১.৩২ কিমি। এই প্ৰকল্পটোত মুঠ ১১ খন বৃহৎ সেঁতু আৰু ১৩৭ খন সৰু সেঁতুৰ নিৰ্মাণ কৰা হ’ব।