নগাঁও, ১৬ মে’ : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (Joonmani Rabha) মৃত্যু। জখলাবন্ধাত ভয়ংকৰ পথ দুর্ঘটনাত নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা। নিশা ১.৩০ বজাত সংঘটিত হৈছিল পথ দুর্ঘটনা। এখন ট্ৰাকৰ লগত সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ বাহন। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় আৰক্ষী বিষয়া গৰাকী।

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভা। নিশা ১.৩০ বজাত জখলাবন্ধাৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কৰুণ মৃত্যু হয়। এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় জোনমণি ৰাভাৰ মাৰুতি বাহনখন। ফলত থিতাতে নিহত হয় আৰক্ষী বিষয়া জোনমণি ৰাভা।

নিশা আৰক্ষী বিষয়া জোনমণি ৰাভাই এএছ-০১-ইএন-৭২৭৩ নম্বৰৰ নিজৰ মাৰুতি বাহনখনেৰে উজনিলৈ গৈ থকাৰ সময়তে জখলাবন্ধাৰ সৰুভগীয়াত দুৰ্ঘটনাত পতিত হয়। বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী ইউপি-৭৮-ইউটি-৪৫১৮ নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুন্দা মাৰে জোনমণি ৰাভাৰ এএছ-০১-ইএন-৭২৭৩ নম্বৰৰ মাৰুতি বাহনখনে। ফলত দুর্ঘটনাস্থলীতে মৃত্যু হয় আৰক্ষী বিষয়া জোনমণি ৰাভাৰ।

দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত জখলাবন্ধা আৰক্ষীৰ দল উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰি জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ নিয়ে। জোনমণি ৰাভা নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল। দুৰ্ঘটনাৰ খবৰ পাই পুৱতি নিশাই দুর্ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে। জানিব পৰা মতে জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ হৈছে।

উল্লেখ্য যে জোনমণি ৰাভাৰ নেতৃত্বত মৰিকলং থানাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছিল। অঞ্চলটোৰ অপৰাধী সকলৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল আৰক্ষী বিষয়া জোনমণি ৰাভা। সাহসী আৰক্ষী বিষয়া গৰাকীৰ এই অকাল আৰু কৰুণ মৃত্যুত নগাঁও জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।