Joonmani Begum 

বিশ্বনাথ, ১৬ মে’ : ভূমি অধিগ্ৰহণ কৰি ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ। ক্ষতিপূৰণ নিদিয়াৰ বাবে ৰাইজে বন্ধ কৰিলে কাম (Peoples Stop Work)। বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰিলে পৰিৱেশ। এসপ্তাহ ভিতৰত ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ক্ষতিগ্ৰস্ত ৰাইজৰ।

পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ভূমি অধিগ্ৰহণ কৰি পাৱাৰ গ্রীড কৰ্প’ৰেচনে ভূমি অধিগ্ৰহণ কৰা লোক সকলক ক্ষতিপূৰণ নিদিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ক্ষতিপূৰণ নিদিয়াৰ বাবেই পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ লাইন সংযোগৰ কাম বন্ধ কৰি দিলে ক্ষতিপূৰণ লাভ নকৰা ৰাইজে। কিছু সংখ্যক লোকক ক্ষতিপূৰণ দিছে যদিও সম্পূৰ্ণ ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

আনকি ভূমি অধিগ্ৰহণ কৰা বহু লোকক ক্ষতিপূৰণৰ উচিত মূল্য নিদিয়াৰো অভিযোগ কৰে ৰাইজে। খাতিখোৱা দৰিদ্ৰ লোকৰ ওপৰত পাৱাৰ গ্রীড কৰ্প’ৰেচনে মাধমাৰ সোধাইছে বুলি অভিযোগ উত্থাপন কৰিছে বিহলীৰ একাংশ ৰাইজে। দীৰ্ঘদিন ধৰি বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্রীড কৰ্প’ৰেচনে লাইন সংযোগৰ কাম অব্যাহত ৰাখিছে।এই লাইন সংযোগৰ কামৰ বাবে পাৱাৰ গ্রীড কৰ্প’ৰেচনে অধিগ্ৰহন কৰিছে বহু লোকৰ ভুমি।

পাৱাৰ গ্রীড কৰ্প’ৰেচনে ভূমি অধিগ্ৰহন কৰিলে কিন্তু ভূমি অধিগ্ৰহণ কৰা লোক সকলক ভূমি অধিগ্ৰহণৰ বাবদ উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰি লাইন সংযোগৰ কাম আৰম্ভ কৰিলে। কৃষিজীৱী বহু লোকক খেতিপথাৰ ভূমি তথা বহু দৰিদ্ৰ লোকৰ ভেটিৰ ভূমি অধিগ্ৰহণ কৰিছে যদিও পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ কতৃপক্ষই ভূমি অধিগ্ৰহণ কৰা লোক সকলক ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত লোক সকলে।

কিছু সংখ্যক লোকক পাৱাৰ গ্রীড কৰ্প’ৰেচনে ক্ষতিপূৰণ প্ৰদান কৰিছে যদিও সেইয়া উপায়ুক্ত পৰিমাণৰ নহয় বুলি কয় একাংশ ক্ষতিগ্ৰস্ত লোকে। ফলত বিশ্বনাথৰ অন্তৰ্গত বিহালী সমষ্টিৰ মোনাবাৰীবস্তিৰ স্থানীয় লোক সকল পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিল।মোনাবাৰি বস্তিত পাৱাৰ গ্রীড কৰ্প’ৰেচনে চলাই থকা লাইন সংযোগৰ কাম বন্ধ কৰি দিলে ক্ষোভিত ৰাইজে। মঙলবাৰে (১৬ মে’) পুৱাৰ ভাগত লাইন সংযোগৰ কাম আৰম্ভ কৰাৰ লগে লগে ক্ষোভিত ৰাইজ একত্ৰিত হৈ কাম বন্ধ কৰি দিয়ে।

ক্ষোভিত স্থানীয় ৰাইজে উক্ত স্থানতে পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ প্ৰদান নকৰালৈকে পাৱাৰ গ্রীড কৰ্প’ৰেচনৰ লাইন সংযোগৰ কাম বন্ধ ৰাখিবলৈ দাবী জনায়। প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে ভূমি অধিগ্ৰহণ কৰা ক্ষতিগ্ৰস্ত লোক সকলক উপযুক্ত ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে। ৰাইজে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ পাৱাৰ গ্রীড কৰ্প’ৰেচনক সময়সীমা বান্ধি দিছে।