গুৱাহাটী : মহানগৰী গুৱাহাটীৰ কুমাৰপাৰাত নতুন ৰেষ্টুৰেন্ট। কুমাৰপাৰাত ‘কাকে দি হাট্টি’ নামৰ ৰেষ্টুৰেন্টৰ শুভাৰম্ভণি।
উত্তৰ ভাৰতীয় খাদ্যৰ জুটিৰ প্ৰতি ৰুচি থকা সকলৰ বাবে এটা সুখবৰ। উত্তৰ-পূবৰ প্ৰথম ফ্ৰেঞ্চাইজি হিচাপে গুৱাহাটীৰ কুমাৰপাৰা পাঁচ আলিত সোমবাৰে ‘কাকে দ হেট্টি’ ৰেষ্টুৰেণ্টখন মুকলি কৰা হয়।

ৰেষ্টুৰেণ্টখন ফিটা কাটি উদ্বোধন কৰে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে। এই উপলক্ষে ৰেষ্টুৰেণ্টখনৰ মুৰব্বী আৰু তিনিগৰাকী মহিলা উদ্যোগী ইশিকা শৰ্মা, পূজা গোয়েনকা আৰু সন্ধ্যা শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰেষ্টুৰেণ্টখনৰ প্ৰেক্ষাপটত মহিলা উদ্যোগী সকলে কয় যে ‘কাকে দি হাট্টি’ হৈছে এটা সম্পূৰ্ণ উত্তৰ ভাৰতীয় খাদ্য কেন্দ্ৰ, য’ত গ্ৰাহক সকলেও পাঞ্জাবী টাড়কাৰ সোৱাদ ল’ব পাৰিব।

‘কাকে দি হাট্টি’ নান’ৰ ৰজা হিচাপেও বিখ্যাত, য’ত ২৮ ইঞ্চি পৰ্যন্ত নান পৰিবেশন কৰা হয়। এই ৰেষ্টুৰেণ্টখনত বানাৰসী পানৰ বাবে এটা বিশেষ আউটলেটও স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে ‘কাকে ডি হাট্টি’ হৈছে উত্তৰ-পূবৰ প্ৰথমখন ৰেষ্টুৰেণ্ট, য’ত গ্ৰাহকে বিভিন্ন ৰুচি আৰু টাড়কাৰ সোৱাদ ল’ব পাৰিব। আপুনিও যদি উত্তৰ ভাৰতীয় খাদ্যৰ জুটি লব বিচাৰে তেন্তে এবাৰ আহিব পাৰে কুমাৰপাৰাৰ কাকে ডি হাট্টি’ ৰেষ্টুৰেন্টলৈ।