গৰৈমাৰী : ঈদত গৰৈমাৰীৰ ঘৰলৈ আহিল আবেদ আলীৰ নশ্বৰ দেহ। ঈদ উপলক্ষে ঘৰলৈ আহি থকা অৱস্থাত আধা বাটতে ৰে’লৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যুৰ মুখত পৰে আবেদ আলী। ঈদৰ নিশা আবেদ আলীৰ নশ্বৰ দেহ ঘৰ। আহি পোৱাৰ পিছতে কান্দোনৰ ৰোল।

ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ঈদৰ আনন্দ উল্লাহ চলি থকাৰ সময়তে দক্ষিণ কামৰূপৰ গৰৈমাৰীত শোকাকুল পৰিৱেশ বিৰাজ কৰে। বহিঃৰাজ্যৰ বাংগালোৰত কৰ্মৰত আবেদ আলীয়ে ঈদ উপলক্ষে ৰে’লযোগে নিজ গৃহলৈ আহি থকা অৱস্থাত দুৰ্ভাগ্যজনকভাৱে আবেদ আলীৰ উৰিষ্যাৰ বৰমপুৰ নামৰ ঠাইত ৰে’লৰ পৰা পৰি থিতাতে মৃত্যু হয়।

গৰৈমাৰীৰ ভিতৰদুৱাৰ গাঁৱৰ আজিমুদ্দিনৰ পুত্ৰ আবেদ আলীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আবেদ আলীক হত্যা কৰি ৰে’লৰ পৰা পেলাই দি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। ৭ জুলাইত ৰে’লত উঠা আবেদ আলীৰ নশ্বৰ দেহ ঈদৰ দিনা নিশা আহি পায় নিজ গৃহত। আবেদ আলীৰ নশ্বৰ দেহ ঘৰ পোৱাৰ পিছতে কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক।