বৰ্ণিহাট, ৩০ জুনঃ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিহাটৰ ১৫ মাইলত কামাখ্যা পাৱাৰ ছলিউশ্বন নামৰ কাৰখানাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ পিছত ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কাৰখানাটো পৰিদৰ্শন কৰে৷ কামৰূপ জিলাৰ উপ সভাপতি দিব্যজ্যোতি আৰু  ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যতিন্দ্ৰনাথ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে কামাখ্যা পাৱাৰ ছলিউশ্বন পৰিদৰ্শন কৰি কাৰখানাটোত ব্যাপক গাফিলতি সংঘটিত হোৱাৰ অভিযোগ কৰে৷ ছাত্ৰ সংগঠনটোৱে দাবী কৰা মতে কামাখ্যা পাৱাৰ ছলিউশ্বনে বেটাৰীৰ এচিদ নালাৰ জৰিয়তে ডিগাৰু নদীত পেলায়৷ যাৰ কাৰণে ডিগাৰু নদীৰ পানী দূষিত হৈ মাছকে ধৰি অন্যান্য জীৱ-জন্তুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ কাৰখানাটো শীঘ্ৰে বন্ধ নকৰিলে অঞ্চলটোত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্তমান৷ সংগঠনটোৱে দাবী কৰা মতে কামাখ্যা পাৱাৰ ছলিউশ্বনে সকলো নীতি-নিয়ম উলংঘা কৰি কাৰখানাৰ কাম-কাজ অব্যাহত ৰাখিছে৷ সুৰক্ষাৰ নামত পাৱাৰ ছলিউছনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কৰ্মচাৰীসকলৰো নিৰাপত্তাৰ কাৰণে কাৰখানাৰ কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ বেটাৰীৰ কাঁচও অসুৰক্ষিত ভাবে কাৰকানাটোত ৰখা হৈছে৷ যাৰ কাৰণে কাৰখানাত কাম কৰা কৰ্মচাৰীৰ লগতে ওচৰৰ বাসিন্দাসকলৰো বিভিন্ন সংক্ৰামক বেমাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে, যোৱা ৩০ জুনত কামাখ্যা পাৱাৰ ছলিউছন নামৰ কাৰখানাটোত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত প্ৰায়  পঞ্চাশ লক্ষাধিক টকাৰ সা-সম্পতি জ্বলি ভষ্মীভূত হৈছিল৷ কাৰখানাটোৰ অগ্নিশালয়ত শ্ৰমিকে কাম কৰি থকা অৱস্থাত অগ্নিশালয়ত হঠাতে বিস্ফোৰণ হয় আৰু জুই শিখায়ে কাৰখানাটো ছানি ধৰে৷ অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাছিল৷