ৰঙিয়া, ২ জুলাইঃ ৰঙিয়াৰ এটা দৰিদ্ৰ পৰিয়ালৰ এটিৰ কৰুণ কাহিনী৷ বিশেষভাৱে সক্ষম সন্তানটো পৰিয়ালটো বাবে অভিশাপ স্বৰূপ হৈ পৰিছে। আৰ্থিক দৈন্যতাৰ কাৰণে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱ-জন্তুৰ দৰে ৰছীৰে বান্ধি ৰাখিছে সন্তানটোক। পখিলা খেদা বয়সত আৰ্থিক দৈন্যতাৰ কাৰণে আবদ্ধ হৈ থাকিব লগা হৈছে শিশুটো। বান্ধোনৰ মুক্ত হ’বলৈ আপ্ৰাণ চেষ্টা ৰঙিয়াৰ হীৰাগাটাৰ অবোধ শিশুটোৰ। দিন হাজিৰা কৰা পিতৃৰ দ্বিতীয় সন্তান ১০ বছৰীয়া শিশুটো জন্মৰ পিছতে অসুস্থ হৈ পৰিছিল। ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা শিশুটো শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়৷ শিশুটোৱে কথা ক’বলৈ অপাৰগ হৈ পৰাৰ লগতে ক্ষীণকায় হাত-ভৰিৰে খোজ কাঢ়িবলৈও অক্ষম হৈ পৰে। প্ৰায় দুবছৰ বয়সৰ পৰাই সন্তানটোক পৰিয়ালটোৱে এনেদৰে বান্ধি ৰাখিবলৈ আৰম্ভ কৰে। আমাৰ সাংবাদিকৰ অনুৰোধত পিতৃয়ে এবাৰ শিশুটিক বান্ধোনৰ পৰা মুক্ত কৰি দিয়াত আনন্দত আত্মহাৰা হৈ পৰে শিশুটো। যেন পিঞ্জৰাৰ পৰা মুক্ত হৈ আকাশত ভ্ৰমি ফুৰিছে এটি চৰাই। মুক্ত হৈ পিতৃ-মাতৃক মৰমতে সাৱটি ধৰি আলিংগন কৰে। মাতৃ-পিতৃৰ কোলাৰ উম ল’বলৈ বিয়াকুল হৈ পৰে শিশুটো। পিতৃ-মাতৃৰ স্নেহৰ উম লোৱা বয়সত নিষ্পাপ শিশুটিয়ে জন্তুৰ দৰে কটাবলগীয়া হৈছে ল’ৰালি কাল।  দৰিদ্ৰ পৰিয়ালটোৱে অসহায় শিশুটোৰ উপযুক্ত চিকিৎসাৰ বাবে সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰিছে।