গুৱাহাটী, ১৮ মেঃ জল্পনা-কল্পনাৰ অন্তত অহা ১২ জুনত অনুষ্ঠিত হ’বলগা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ নির্বাচনৰ বাবে কালি শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে প্রার্থী তালিকা ঘোষণা কৰাৰ পিছত আজি অসম গণ পৰিষদ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ অগপ দলে ২৬টা সমষ্টিতে প্ৰাৰ্থী দিব বিচাৰিছিল যদিও ইয়াৰে আজি ১৭ টা সমষ্টিৰ বাবেহে প্ৰাৰ্থী তালিকা ঘোষণা কেৰে৷ এই নিৰ্বাচনতো মিত্ৰতাৰ বাবে অগপৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল যদিও প্ৰস্তাৱত বিজেপিয়ে কোনো সঁহাৰি নিদিয়াত অগপই অকলে এই নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া ৬জনীয়া কমিটীটোৱে আজি ১৭ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ তালিকা অনুসৰি চিংথঙত লনছিং বে’, চচেঙত হৰেন ইংলেঙ, কপিলীত ধনছিং দেৰা, হামৰেণত দিলীপ ৰংফাৰ, আমৰেঙত ধনছিং ৰংপী, হাওৰাঘাটত মোহিত হাজৰিকাক, ফুলনিত বিদ্যাছিং ৰংপী, কৰকান্থিত ৰূপছিং বে’, মহামায়াত শুকুৰছিং টেৰণ, ন-মাটিত দীনেশ টেৰণ, ছচেং ধেণ্টাত চন্দ্ৰছিং ইংতি, লুম্বাজঙত ৰাতুল টেৰণ, ধনশিৰিত ভূপেন হাছনু, সৰুপথাৰত লৰেঞ্চ ইংতি, দেওপানীত প্ৰহ্লাদ বৈছা, নিলিপত ডেনিয়েল তিমুং আৰু দুৱাৰ বাগৰিত মাৰ্ছি টকবিপীয়ে প্ৰাৰ্থীত্ব লাভ কৰে৷

বিজেপিত সংঘাত, পদত্যাগৰ জোৱাৰ

ইপিনে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্রার্থী তালিকা ঘোষণা কৰাৰ পিচতে জিলাখনত পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। প্রার্থী বাছনিত তীব্র খামখেয়ালিৰ সৃষ্টি হােৱাৰ লগতে অবাধ হাৰত ধনৰ লেনদেন হােৱা বুলি অভিযোগ উত্থাপন কৰিছে। এনে একাংশ প্রার্থিত্ব বঞ্চিত নেতাই। আজি বিয়লিলৈ প্রার্থী তালিকা প্রকাশ হােৱাৰ পিচতে পূব কার্বি আংলং জিলা বিজেপিৰ ডিফুৰ কাৰ্যালয়ৰ সন্মুখত থকা দলৰ শীর্ষ নেতাসকলৰ ফটােসম্বলিত কেইবাখনো প’ষ্টাৰ ফালি দলটােৰ একাংশ ক্ষুব্ধ সমর্থকে ক্ষোভ ব্যক্ত কৰে। ইফালে প্রার্থী তালিকা ঘোষণাৰ পিচতে পশ্চিম কার্বি আংলং জিলা বিজেপিৰ বহুকেইগৰাকী নেতাই পদত্যাগ কৰিছে। জিলা সমিতিখনৰ শীর্ষ পদত থকা এইসকল নেতাই ৰাজ্যিক বিজেপিৰ কার্যালয়ত তেওঁলোকৰ পদত্যাগ পত্র প্রদান কৰি অহা বুলি জানিব পৰা গৈছে। পদত্যাগ কৰাসকলৰ ভিতৰত অন্যতম পশ্চিম কার্বি আংলং বিজেপিৰ সাধাৰণ সম্পাদক মার্টিন টেৰণ, তিনিগৰাকী উপ-সভাপতি ক্ৰমে ধনছিং ৰংপি, ৰেণছিং ৰংহাং আৰু মার্টিন তিমুং, দুগৰাকী সম্পাদক ক্রমে প্রতাপ তেৰাং আৰু চন্দ্ৰছিং ৰংফাৰ, কোষাধ্যক্ষ চন্দ্ৰছিং ইংলেং, সম্পাদিকা মজিনা ক্ৰ’পী, জিলা এছ টি মৰ্চাৰ উপ-সভাপতি বিদ্যাছিং তিছ” । দলীয় টিকট প্রদানক কেন্দ্ৰ কৰি জিলাখনৰ অন্যান্য স্থানতো বিজেপি কার্যালয়ত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হােৱাৰ আশংকা কৰা গৈছে। দলে ঘোষণা কৰা তালিকাক লৈ পশ্চিম কার্বি আংলঙৰ কপিলী সমষ্টিতে অসন্তুষ্টিয়ে গা কৰি উঠা বুলি জানিব পৰা গৈছে। সমষ্টিটােৰ বহুকেইখন বুথ কমিটীয়ে দলে প্রক্ষেপ কৰা প্রার্থীগৰাকীক সহযোগিতা নকৰে বুলি ক্ষোভ ব্যক্ত কৰিছে।