অনলাইন ডেস্ক, ১৮ মেঃ প্ৰেমক লৈ বহু কাহিনী প্ৰচলিত আছে এইখন পৃথিৱীত। প্ৰেমৰ বাবে ডাঙৰ ডাঙৰ ত্যাগ কৰা, প্ৰেমৰ বাবে প্ৰাণ দিয়া এনে উদাহৰণ অসংখ্য আছে। কিন্তু এইবাৰ এক অন্য ধৰণৰ প্ৰেম কাহিনী ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। বাংলাদেশৰ এগৰাকী দেহোপজীৱিনী আৰু শাৰীৰিক ভাবে অক্ষম এজন ভিক্ষাৰীৰ প্ৰেম কাহিনীয়ে বিশেষ প্ৰচাৰ লাভ কৰিছে ছ’চিয়েল মিডিয়াত। বাংলাদেশৰ  ফটোগ্ৰাফাৰ আকাশে এখন ফটোৰ সৈতে নিজৰ ফেচবুকত বৰ্ণনা কৰিছে এই প্ৰেম কাহিনীৰ। আকাশৰ ফেচবুক পোষ্টটোৰ অনুসৰি বাংলাদেশৰ দেহোপজীৱিনী ৰাজিয়া বেগম প্ৰেমত পৰিছে ভিক্ষাৰী আব্বাছ মিয়াৰ। ৰাজিয়াই  আব্বাছক প্ৰথম লগ পোৱাৰ ঘটনা চিনেমাৰ কাহিনীৰ দৰে। এদিনাখন ধাৰাসাৰ বৰষুণ হৈ থাকোতে ৰাজিয়া এজোপা গছৰ তলত থিয় হৈ কিবা কাৰণত কান্দি থকা দেখি এখন হুইল চেয়াৰত বহি থকা ব্যক্তি এজনে ৰেজিনালৈ ৫০ টাকা (বাংলাদেশী মুদ্ৰা) হাতত দি গুচি যায়। ৰেজিয়াই সেই সময়ত অনুভৱ কৰিছিল যে এইজন তাইৰ জীৱনৰ প্ৰথম ব্যক্তি যিজনে তাইক ব্যৱহাৰ নকৰাকৈ পইচা দিছে আৰু ৰাজিয়াই অনুভৱ কৰিবলৈ ধৰিলে যে এইজন ব্যক্তি পৃথিৱীৰ আটাইতকৈ ভাল ব্যক্তি বুলি। এই ঘটনাৰ পিছত ৰেজিয়াই এই হুইল চেয়াৰত অহা ব্যক্তি জনৰ সন্ধান আৰম্ভ কৰিলে কিন্তু সন্ধান ওলাব নোৱাৰিলে। এনেদৰে সন্ধান চলি থাকোতে এদিন হঠাৎ ৰেজিয়াই আব্বাছক লগ পায়। কথা বতৰাৰ মাজত ৰেজিয়াই গম পায় যে শাৰীৰিকভাবে অক্ষম হোৱাৰ বাবে আব্বাছৰ পত্নীয়ে আব্বাছক এৰি গুচি যায়। আব্বাছৰ কথা শুনি ৰেজিনাই ঠিৰাং কৰে যে এতিয়াৰ পৰা তাই মৃত্যুৰ আগমুহূৰ্তলৈ আব্বাছৰ হুইল চেয়াৰখন ঠেলিব। বৰ্তমান দুয়োৰে বিয়াৰ চাৰিবছৰ সম্পূৰ্ণ হৈছে৷