কৰিমগঞ্জ : কৰিমগঞ্জ আৰক্ষীয়ে দাহ কৰিলে ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ। কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দকৃত ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ বিনষ্ট কৰা হয়। হেৰ’ইন, ব্ৰাউন ছুগাৰ, গাঞ্জা, নিচাজাতীয় টেবলেট আদি জুইত জ্বলাই বিনষ্ট কৰাৰ লগতে ভাঙি পেলোৱা কেইবা হাজাৰ কফ চিৰাপৰ বটল।

ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ ড্ৰাগছ বিৰোধী এই ধাৰাবাহিক অভিযানত প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে বুজন পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। ৰাজ্যৰ অন্যান্য জিলা সমূহৰ আৰক্ষী লগতে কৰিমগঞ্জ আৰক্ষীও বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীক।

শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ সমূহৰ বিনষ্ট কাৰ্যসূচীৰ আয়োজন কৰে। কৰিমগঞ্জ আৰক্ষী ছাউনীৰ পথাৰত ড্ৰাগছ বিনষ্ট কাৰ্যসূচীত কৰিমগঞ্জ আৰক্ষীয়ে ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ বিনষ্ট কৰে। হেৰ’ইন, ব্ৰাউন ছুগাৰ, গাঞ্জা, নিচাজাতীয় টেবলেট আদি জুইত জ্বলাই বিনষ্ট কৰাৰ লগতে আৰক্ষীয়ে কেইবা হাজাৰ কফ চিৰাপৰ বটল ভাঙি বিনষ্ট কৰে। জিলাখনত বিভিন্ন সময়ত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এই সমূহ ড্ৰাগছ জব্দ কৰিছিল।

কৰিমগঞ্জৰ জুনিটিলাত থকা আৰক্ষী ছাউনীত আয়োজন কৰা এই ড্ৰাগছ বিনষ্ট কাৰ্যসূচীত কৰিমগঞ্জৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য ন্যায় দণ্ডাধীশ আৰু ড্ৰাগছ ডিস্প’ছেল কমিটিৰ সদস্য উপস্থিত থাকে। কৰিমগঞ্জ আৰক্ষীয়ে জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ লগতে কৰিমগঞ্জৰ মাজেৰে কোনো কাৰণতে ড্ৰাগছ সৰবৰাহ হ’বলৈ দিয়া নহ’ব বুলি জানিবলৈ দিয়ে।