গুৱাহাটী : নিবনুৱাক চাকৰি দিবলৈ মাতি আনি অপমান কৰা অসম চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে অসম জাতীয় পৰিষদে। শুকুৰবাৰে সংবাদ মেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগৰো দাবী জনায়। লুৰীণজ্যোতি গগৈয়ে কয়, ব্যক্তিখত খণ্ডত চাকৰি দিবলৈ আচলতে চৰকাৰী উদ্যোগৰ প্ৰয়োজন নাই। যিসমূহ কোম্পানী বা প্ৰতিষ্ঠানক চাকৰি দিবলৈ নিয়োগ মেলালৈ মাতি নিয়া হৈছে, সেইসমূহে আগৰে পৰাই নিজা নিজা উদ্যোগত প্ৰয়োজনীয় চাকৰি দিয়েই আছে। চৰকাৰে কৃতিত্ব তেতিয়াহে দাবী কৰিব পাৰিলেহেতেন যদিহে ৰাজ্যৰ বাহিৰৰ বা বৃহৎ কৰ্পোৰেট কোম্পানীক মাতি আনি অসমৰ নিবনুৱাক চাকৰি দিয়াব পাৰিলেহেতেন। সেয়ে নিয়োগ মেলা পতাৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰি চমক সৃষ্টিৰ বাহিৰে চৰকাৰে আন একো কৰা নাই।

অসম জাতীয় পৰিষদ দলৰ সম্পাদক চিত্তৰঞ্ন বসুমতাৰী, প্ৰিন্স ফাইজুল হক, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিশিৰ কলিতা উপস্থিত থকা সংবাদ মেলখনত লুৰীণজ্যোতি গগৈয়ে কয় যে চৰকাৰী নিয়োগ মেলাত হাজাৰ হাজাৰ নিবনুৱাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিয়োগ সৃষ্টিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা স্বত্বেও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। আনহাতে নিবনুৱাক সংস্থাপনৰ বাট দেখুৱাবৰ বাবে কেইবা হাজাৰ কোটি টকা ব্যয় সাপেক্ষ্যে ৰূপায়ন কৰি থকা প্ৰধান মন্ত্ৰী কৌশল্য বিকাশ যোজনা আঁচনি আৰু অসম দক্ষ্যতা বিকাশ অভিযান শোচনীয়ভাৱে ব্যৰ্থ হৈছে। গতিকে উক্ত আঁচনি আৰু অভিযানৰ নামত এতিয়ালৈকে কিমান টকা খৰচ কৰা হ’ল, কোন প্ৰতিষ্ঠানক কিমান টকা আদায় বা অৱন্টন দিয়া হ’ল, উক্ত আঁচনিৰ অধীনত কিমান নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ল আৰু তাৰে কিমান সংখ্যক সংস্থাপিত হ’ল, এই সমগ্ৰ তথ্য সম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ লুৰীণজ্যোতি গগৈয়ে দাবী উত্থাপন কৰে।

লুৰীণজ্যোতি গগৈয়ে কয়, “নিয়োগ মেলাৰ ব্যৰ্থতাই প্ৰমাণ কৰিলে যে নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি আৰু সংস্থাপনৰ নামত যোৱা ৭ বছৰৰো অধিক সময় কেন্দ্ৰীয় আৰু অসম চৰকাৰে উক্ত আঁচনি ৰূপায়নৰ নামত কেৱল নাটকহে কৰি আহিছে। অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। বৰ্তমান সেই বগা হাতী সদৃশ বিভাগক ৰাজ্য চৰকাৰে ১ লাখ চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি ঢাকিবৰ বাবে ব্যৱহাৰ কৰি বাৰুকৈয়ে মুখ থেকেচা খাইছে। এনে ধৰণৰ নাটক কৰি সহজ সৰল অসমীয়া ৰাইজক আভুৱা ভাৰিবলৈ চৰকাৰে কোটি কোটি ৰাজহুৱা ধনৰ শৰাধ কৰি আহিছে।“ অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ২০ জুলাইৰ দিনা অসম বিধানসভাৰ বাজেট অধিৱেশনত ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি কৰা ঘোষণালৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি দলে বিগত বিধানসভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত পাঁচ বছৰত দুই লাখ আৰু ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তদুপৰি পাঁচ বছৰত ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত উল্লেখ কৰাৰ প্ৰসংগ উনুকিয়াই গগৈয়ে কয়, “উক্ত প্ৰতিশ্ৰুতি মৰ্মে এতিয়ালৈকে চৰকাৰী আৰু বেচৰকাৰী উভয় খনষদত চৰকাৰে কিমান চাকৰি দিলে সেয়া আমি দাবী কৰাস্বেতপত্ৰখনত বৰ্ণনা কৰক।”

চাকৰিপ্ৰাৰ্থীৰ ‘বায়োডাটা’ক আপমান কৰাৰ দৰে দুৰ্ভগ্যজনক ঘটনা সংঘটিত হোৱাটো লজ্জাজনক বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে নিজৰ বায়োডাটাখনৰ সৈতে শিক্ষিত যুৱক-যুৱতীসকলৰ আৱেগ জড়িত থাকে। তেওঁলোকৰ সেই আৱেগক অপমান কৰাটো অক্ষমণীয় অপৰাধ। উক্ত অপৰাধ কৰি অসমৰ ২০ লক্ষ্যাধিক পঞ্জীকৃত নিবনুৱাক অপমান কৰা চৰকাৰখনৰ মুৰব্বীগৰাকীয়ে সেই কাৰণেই ক্ষমা খুজিব লাগে আৰু ব্যৰ্থ বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে। লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে নিয়োগ মেলা অনুষ্ঠিত কৰাৰ অন্তৰালত সঁচাকৈয়ে নিবনুৱাক সকাহ দিয়া নে কিছুমান ইভেন্ট মেনেজমেন্ট কোম্পানী বা প্ৰতিষ্ঠানক ধনী কৰা সেইটোও বিচাৰ্য বিষয়। নিয়োগ মেলা অনুষ্ঠিত কৰাত কোনকেইটা ইভেন্ট মেনেজমেন্ট কোম্পানীক দায়িত্ব দিয়া হৈছিল আৰু তাৰ মালিক কোন সেই তথ্যও ৰাজহুৱা কৰিবলৈ লুৰীণজ্যোতি গগৈয়ে দাবী জনায়। অসমৰ চৰকাৰী খণ্ডৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ তথা ব্যক্তিগত খণ্ডৰ সকলো চাকৰি স্থানীয় যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰাৰ অৰ্থে আইন প্ৰণয়ন কৰিবলৈও দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।